ভাস্কৰজ্যোতি মহন্ত
নাজিৰা : কাতি মাহ শেষ হ’বলৈ আৰু কেইটামান দিন বাকী। আঘোণ মাহ সোমোৱাৰ আগমূহুৰ্ততে নাজিৰাৰ শেনৰআলি গাঁৱৰ দাৱনীয়ে হাতত কাঁচি লৈ ওলাই আহিছে খেতি পথাৰলৈ। পকা ধানৰ গোন্ধত মুগ্ধ হোৱা দাৱনী সকল বৰ্তমান ব্যস্ত হৈ পৰিছে ধান দোৱাত। দাৱনী সকলৰ মুখত একোটা মিচিকিয়া হাঁহি।

এইবাৰ আশা কৰা দৰে কৃষক সকলৰ ধান খেতি ভাল হোৱা নাই। কভিড’ৰ দুটাকৈ বছৰ বহু প্ৰত্যাহ্বানৰ মাজেৰে ৰাইজে পাৰ কৰিলে যদিও এইবাৰ নাজিৰা অঞ্চলটোত আশা কৰা দৰে ধান খেতি ভাল নোহোৱাটোও এটা ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে নাজিৰা কৃষক সকলৰ বাবে।প্ৰত্যাহ্বান আহিছে যদিও কৃষকসকলে ভাঙি পৰা নাই।

কাতি মাহ শেষৰ ফালে, আঘোণ পদূলি মুখত। এতিয়া সোণগুটি সোণগুটি চপোৱাৰ সময়। সেয়ে দাৱনী সকল মুখত এটা হাঁহি লৈ বিহু নাম গাই খেতি পথাৰত ব্যস্ত হৈ পৰিছে সোণগুটি চপোৱাত। কৃষিৰ পৰা উপাৰ্জিত ধনেৰেই চলাব লাগিব পৰিয়াল সেয়ে প্ৰত্যাহ্বান আহিলেও ভয় নকৰি বিহু নাম মুখত লৈ এফালৰ পৰা শেনৰআলি গাঁৱৰ ৰাইজে দাৱনী সকলে দাইছে ধান।