আজিজ আলী
মুকালমুৱা : ভক্তিৰসেৰে জীপাল হৈ পৰিছে বিহগী কবি ৰঘুনাথ চৌধুৰীৰ জন্মগাঁও লাউপাৰা। নলবাৰী জিলাৰ পূৱ বৰক্ষেত্ৰী মৌজাৰ অন্তৰ্গত লাউপাৰা গাঁৱত প্ৰতিবছৰৰ দৰে এইবেলিও ভাগৱত পাঠ আৰু শোভাযাত্ৰা অনুষ্ঠিত কৰে। ১৫০০ শতিকাত লাউপাৰা গাঁৱত স্থাপিত শ্যামৰায় সত্ৰৰ উদ্যোগত বিগত কুৰি বছৰ ধৰি ভাগৱত পাঠ অনুষ্ঠিত হৈ আছে।

দেওবাৰে পুৱা শোভাযাত্ৰা উদ্বোধন কৰে লাউপাৰা শ্যামৰায় সত্ৰৰ সত্ৰাধিকাৰ দেবেন গোস্বামীয়ে৷ খোল, তাল, শঙ্খ, আয়তীৰ উৰুলী, হৰিনামৰ ধ্বনিৰে উলিওৱা বৰ্ণিল শোভাযাত্ৰাত ভক্তিৰসত বুৰ যায় সমগ্ৰ গাঁওখন। বিয়লিৰ পৰা শ্যামৰায় সত্ৰত ভাগৱত পাঠ অনুষ্ঠিত হয়৷ গাঁওখনৰ ভকত-বৈষ্ণৱৰ উপস্থিতিত ভাগৱত পাঠ কৰে হাজো গাঁৱৰ মন্টু বৰ্মন, মুকালমুৱাৰ খগেন্দ্ৰনাথ মেধী, লাউপাৰা গাঁৱৰ ফনীধৰ কলিতা আৰু হেমন্ত ডেকাই।

উল্লেখ্য যে ৯০ দশকত গাঁওখনৰ দক্ষিণ দিশত থকা মাটি বেদখলকাৰীৰ পৰা গাঁওবাসীয়ে উদ্ধাৰ কৰিবলৈ গৈ গাঁওখনৰ তিনিজনকৈ ডেকা সন্দেহযুক্ত বেদখলকাৰীৰ হাতত প্ৰাণ হেৰুৱাইছিল। গাঁওবাসীয়ে তিনিওজন যুৱকৰ আত্মাৰ শান্তিৰ কামনাৰ্থে আৰু গাঁওবাসীৰ পৰা অপায়-অমংগল দুৰ কৰাৰ অৰ্থে ভাগৱত পাঠ আৰু শোভাযাত্ৰা অনুষ্ঠিত কৰি অহা বুলি জানিবলৈ দিয়ে শ্যামৰায় সত্ৰৰ সভাপতি পদুম কলিতা আৰু সম্পাদক স্বপনপাল কলিতাই।