গুৱাহাটী : শ্বহীদক অপনাম কৰা বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদ গ্ৰেপ্তাৰ। দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে শ্বেৰমান আলী আহেমদক। বৰ্তমান দিছপুৰ থানাত আছে বাঘবৰৰ কংগ্ৰেছ দলৰ বিধায়ক গৰাকী।

শ্বহীদকলৈ আপত্তিজনক মন্তব্য কৰা বাঘবৰ সমষ্টিৰ কংগ্ৰেছৰ দলৰ বিধায়ক শ্বেৰমান আলী আহমেদক কিছু সময় পূৰ্বে দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। অসম আন্দোলনৰ শ্বহীদ দয়ানাথ শৰ্মা সন্দৰ্ভত আপত্তিজনক মন্তব্য কৰিছিল বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদ।

শ্বহীদ দয়ানাথ শৰ্মাক ঘাটত আখ্যা দিছিল বাঘবৰৰ কংগ্ৰেছ দলৰ বিধায়ক শ্বেৰমান আলী আহমেদে। পূৰ্বেও কলাক্ষেত্ৰত মিঞা মিউজিয়াম স্থাপনৰ লগতে বহু আপত্তিজনক মন্তব্য দিছিল শ্বেৰমান আলী আহমেদ। বৰ্তমান শ্বেৰমান আলী আহমেদক দিছপুৰ আৰক্ষী থানাত ৰখা হৈছে।

শনিবাৰে সন্ধিয়াৰ ভাগত শ্বেৰমান আলী আহমেদক দিছপুৰৰ চৰকাৰী আৱাসৰ পৰা গ্ৰেপ্তাৰ কৰে দিছপুৰ আৰক্ষীয়ে। আপত্তিজনক মন্তব্য দিয়াৰ বাবে।কংগ্ৰেছ দলৰ ফলৰ পৰাও শ্বেৰমান আলী আহমেদৰ বিৰুদ্ধে কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰা হৈছে।

গৰুখুটীৰ উচ্ছেদ অভিযানত সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ পিছতে বাঘবৰৰ কংগ্ৰেছ দলৰ বিধায়ক শ্বেৰমান আলী আহমেদৰ আপত্তিজনক মন্তব্যই পৰিস্থিতি অধিক উত্তপ্ত কৰি তোলে। শ্বহীদক শ্বেৰমান আলী আহমেদে আক্ৰমণকাৰী আৰু ঘাটত আখ্যা দিয়াৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ।