বাঘবৰ : শ্বেৰমান আলী আহমেদৰ গ্ৰেপ্তাৰক কেন্দ্ৰ কৰি উত্তাল বাঘবৰ। বিধায়ক শ্বেৰমান আলী আহমেদৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে বাঘবৰৰ ৰাইজৰ তীব্ৰ প্ৰতিবাদ। শনিবাৰে নিশাৰ ভাগত দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বাঘবৰৰ কংগ্ৰেছ দলৰ বিধায়ক শ্বেৰমান আলী আহমেদক।

বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ কংগ্ৰেছ দলৰ বিধায়ক শ্বেৰমান আলী আহমেদক শনিবাৰে নিশা দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছতে উত্তাল হৈ উঠে বিধায়ক গৰাকীৰ সমষ্টি বাঘবৰ। শ্বেৰমান আলী আহমেদৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে বাঘবৰ সমষ্টিৰ ৰাইজে নিশাৰ ভাগৰে পৰা আৰম্ভ কৰে উত্তাল প্ৰতিবাদ।

বাঘবৰ সমষ্টিবাসী ৰাইজে বিজেপি চৰকাৰ হায় হায়, বিজেপি চৰকাৰ গো বেক, শেৰমান আলী আহমেদক বিনা চৰ্তে মুক্তি দিয়ক আদি ধ্বনিৰে বাঘবৰৰ পৰিৱেশ উত্তাল কৰি তোলে। বিধায়ক শ্বেৰমান আলী আহমেদৰ গ্ৰেপ্তাৰৰ বিৰোধিতা কৰি নিশাৰ পৰাই বাঘবৰৰ শ শ ৰাইজে আমৰণ অনশন কাৰ্যসূচী হাতত লৈছে।

যেতিয়ালৈকে বিধায়ক শ্বেৰমান অলী আহমেদক অসম আৰক্ষীয়ে মুকলি কৰি নিদিয়ে তেতিয়ালৈকে আন্দোলন চলাই নিয়াৰো হুংকাৰ দিয়ে প্ৰতিবাদকাৰী ৰাইজে। ইফালে বিধায়ক শ্বেৰমান আলী আহমেদৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে দেওবাৰে বাঘবৰৰ হাট বজাৰ বন্ধ ৰখাৰ ঘোষণাও কৰে প্ৰতিবাদকাৰী ৰাইজে।

বাঘবৰ সমষ্টিৰ ৰাইজে বিধায়ক শ্বেৰমান আলী আহমেদক গ্ৰেপ্তাৰ কৰাৰ বাবে অসম চৰকাৰৰ তীব্র ভাষাৰে ধিক্কাৰ দিয়ে। আনহাতে নিশাৰ ভাগৰ পৰা আৰম্ভ হোৱা এই প্ৰতিবাদী কাৰ্যসূচী দেওবাৰে।পুৱাৰ ভাগলৈকে অব্যাহত আছে। পুৱাৰ ভাগত প্ৰতিবাদকাৰী ৰাইজে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিমূৰ্তি দাহ কৰি পৰিৱেশ অধিক উত্তাল কৰি তোলে।