বাঘবৰ, ২ জুলাইঃ বৰপেটাৰ বাঘবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত শিলোচী পথাৰ, সেউৰাভিটাকে ধৰি কেবাখনো গাঁৱত  বিগত এমাহ ধৰি  বান্দৰে সন্ত্ৰাস চলাই আহিছে।  প্ৰাপ্ত তথ্য মতে,  অঞ্চল কেইটাত বাঁহ-জোৰত থাকি বান্দৰে  ৰন্ধন ঘৰত সোমাই ভাতৰ লগতে  বিভিন্ন খাদ্য সামগ্ৰী খাই অঞ্চলটোত সন্ত্ৰাস চলাই আহিছে। বান্দৰজাকক খাবলৈ বাধা দিলে কামুৰিব আহে। অঞ্চল সমূহত  বান্দৰৰ ভয়ত ৰাইজ নিশা ঘৰৰ পৰা বাহিৰলৈ ওলাবলৈ ভয় কৰা হৈছে। স্থানীয় ৰাইজে  বান্দৰৰ জাকটোক বাৰম্বাৰ খেদিবলৈ চেষ্টা কৰিও ব্যৰ্থ হৈছে। অতি শীঘ্ৰে  বান্দৰৰ জাকটোক অঞ্চলটোৰ পৰা খেদি গাওঁ কেইখনৰ সু-পৰিবেশ উভতাই দিবলৈ ৰাইজে বিভাগীয় কৰ্তৃপক্ষৰ লগতে চৰকাৰৰ ওচৰত দাবী জনাইছে ।