তিতাবৰ, ৩ জুলাইঃ ছয় জনগোষ্ঠীক জনজাতি কৰণৰ দাবীত আহ্বান জনোৱা ১২ ঘন্টীয়া অসম বন্ধৰ তিতাবৰত সৰ্বাত্মক প্ৰভাৱ পৰিছে৷ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত তিতাবৰৰ বিভিন্ন স্থানত প্ৰতিবাদকাৰীয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।  দোকান-বজাৰকে ধৰি সকলো ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ থাকে। ঠায়ে ঠায়ে প্ৰতিবাদকাৰীয়ে ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ কৰে। লগতে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰক ছয় জনগোষ্ঠীৰ শীঘ্ৰে জনজাতিকৰণৰ পদক্ষেপ গ্ৰহণ নকৰিলে জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে।