কলগাছিয়াৰ প্ৰতিবেদক, ২ জুলাইঃ  বৰপেটা জিলাৰ কলগাছিয়া মহকুমা এলেকাৰ বৰডাংগা, জমেৰকুৰ আৰু খাটাকুছিত বেঁকী নদীৰ বাঢ়নি পানীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰাত কেবাদিন ধৰি দুই শতাধিক পৰিয়াল নিজৰ ঘৰ দুৱাৰ এৰি থৈ অন ঠাইত আশ্ৰয় লৈ অনাহাৰে দিন পাৰ কৰিবলগীয়া হৈছে । বহু পৰিয়ালৰ হাঁহ, কুকুৰা, গৰু, ছাগলী মৃত্যুৰ মুখত পৰিব লগা হৈছে। বিশুদ্ধ খোৱা পানী, ঔষধ, খাদ্যৰ অভাবে দেখা দিছে বানাক্ৰান্তৰ মাজত । নিজৰ ঘৰ দুৱাৰ এৰি জীৱ জন্তুৰ দৰে জীৱন নিৰ্বাহ কৰা এই পৰিয়ালৰ মাজত আজি লৈ কোনো বিধায়ক, মন্ত্ৰী, সাংসদ তথা জিলা প্ৰশাসনে ভৰি দিয়া নাই বুলি বানাক্ৰান্তই অভিযোগ উত্থাপন কৰিছে । উল্লেখ্য যে, জনীয়া সমষ্টিৰ মাজেৰে বৈ যোৱা বেঁকী নদীৰ জলপৃষ্ঠ ফেনে ফুটুকাৰে বাঢ়ি অহাত ৰাতিৰ ভিতৰত নৈ পৰীয়া ৰাইজৰ ঘৰৰ ভিতৰত এবুকুকৈ পানী সোমাই যোৱাত এক নৰক যন্ত্ৰনা ভোগ কৰিব লগা হৈছে। বৰ্তমান বানপানীৰ ফলত নৱনিৰ্মিত বৰডাংগা মথাউৰিটো ভাবুকিৰ সন্মুখত হৈছে। মথাউৰিটো ছিঙি গ’লে লাচাংগা, জমেৰকুৰ, ঘূগুবাৰী, বেছিমাৰী, বিলৰটাৰী, দেউকুৰা, কলগাছিয়া, বলাইপাথাৰকে ধৰি প্ৰায় কুৰি খনৰো অধিক ৰাজহগাঁও জলমগ্ন হৈ পৰাৰ আশংকা কৰা হৈছে। ইতিমধ্যে জলমগ্ন হৈ থকা বানাক্ৰান্ত ৰাইজৰ প্ৰতি ঘৰে ঘৰে এবুকু পানী থকা সত্বেও বৈদ্যুতিক লাইট জ্বলি আছে। বিদ্যুৎ বিভাগৰ চৰম অৱহেলা আৰু কাণ্ডজ্ঞানহীনতাৰ বাবে বানাক্ৰান্তৰ মাজত আন এক ভয়ংকৰ দুৰ্ঘটনা হোৱাৰ আশংকাই দেখা দিছে। অতি শীঘ্ৰে বানাক্ৰান্ত ৰাইজক পুন:সংস্থাপন আৰু ক্ষতিপূৰণ দিয়াৰ বাবে স্থানীয় ৰাইজে দাবী জনাইছে।