বাঘবৰ ১২ আগষ্টঃ বৰপেটাৰ  বাঘবৰত দ্ৰুতগতিত বৃদ্ধি পাইছে বেঁকী নৈৰ জলপৃষ্ঠ। সমষ্টিটোৰ অৰ্ধশতাধিক গাঁও বৰ্তমান বানৰ কৱলত পৰিছে। প্ৰাপ্ত তথ্য মতে, বাঘবৰত প্ৰলয়কাৰী বানে মৰাভাজ, বালাজান, সাতমূখী, সেউৰাভিটা, শিলোচী পাথাৰ লগতে মানিকপুৰ, সত্ৰকণৰা, ৰামাপাৰা, সোণাবাড়ীসহ গাওঁ পঞ্চায়তৰ  প্ৰায় ৫০ খনৰো অধিক গাঁও জলমগ্ন কৰিছে৷যাৰফলত বন্যাৰ্তৰ মাজত হাহাকাৰ পৰিস্থিতি সৃষ্টি হৈছে। পশুধনৰ লগতে বন্যাৰ্তৰ মাজত তীব্ৰ খাদ্য সংকটে দেখা দিছে। আনহাতে  মৰাভাজ গাঁৱত বৰ্তমানেও অব্যাহত আছে বেঁকী নৈৰ ভয়ংকৰ খহনীয়া।নৈ প্ৰৱল সোঁতে নিমিষতে উছন কৰিছে কেবাটাও পৰিয়ালৰ ভেটি-মাটি। খহনীয়াগ্ৰস্ত পৰিয়ালে যাবলৈ ঠাই নাপাই  পানীৰ মাজতে সা-সামগ্ৰী এৰি নিৰাপদ লোকৰ ঘৰত আশ্ৰয় লৈছে। বিগত দুদিনত বেঁকী নৈৰ খহনীয়াই নৈ কাষৰীয়া লোকসকলৰ  নিশাৰ  টোপনি হৰিছে যদিও  এই পৰ্যন্ত হৃদয় গলাব পৰা নাই স্থানীয় প্ৰশাসনৰ লগতে তথা কথিত জনদৰদী বিধায়ক শ্বেৰমান আলীৰ। বানৰ সময়তো  জিলা প্ৰশাসনৰ তৰফৰ পৰা খহনীয়াগ্ৰস্ত পৰিয়াল সমূহক উদ্ধাৰৰ বাবে এই পৰ্যন্ত  কোনো ব্যৱস্থা গ্ৰহন  নকৰাত স্থানীয় লোকে তীব্ৰ ভাষাৰে সমালোচনা কৰিছে।