গুৱাহাটী ১২ আগষ্টঃ অসমত নতুনকৈ স্থাপন কৰিবলগীয়া মহাবিদ্যালয়সমূহৰ নামাকৰণ অসমৰ জাতীয় জীৱনৰ বৰেণ্য ব্যক্তিসকলৰ নামত নামাকৰণ কৰিবলৈ ৰাজ্য চৰকাৰক আহ্বান জনাইছে অসম গণ পৰিষদে। এক সংবাদ মেলৰ জৰিয়তে দলৰ সাধাৰণ সম্পাদক ডাঃ কমলাকান্ত কলিতাই কয় যে, অসমৰ সমাজ জীৱনৰ প্ৰতি বিভিন্ন ক্ষেত্ৰত প্রভূত বৰঙণি আগবঢ়ােৱা বহুসংখ্যক প্রসিদ্ধ বৰেণ্য ব্যক্তি আছে। পণ্ডিত প্রৱৰ কৃষ্ণকান্ত সন্দিকৈ, লক্ষ্মীনাথ বেজবৰুৱা, ছৈয়দ আব্দুল মালিক, সীতানাথ ব্ৰহ্ম চৌধুৰী, আনন্দৰাম বৰুৱা, পদ্মনাথ গােহাঞি বৰুৱা, হেমচন্দ্ৰ বৰুৱা, বাণীকান্ত কাকতি, মহেশ্বৰ নেওগ আদি অলেখ বৰেণ্য ব্যক্তিয়ে অসমৰ শিক্ষা, ভাষা, সাহিত্য, সংস্কৃতিৰে অসমৰ সমাজ জীৱন চহকী কৰি তুলিছে। এই বৰেণ্য ব্যক্তিসকলৰ নামত নামাকৰণ কৰা হ’লে প্রকৃত পক্ষত অসমৰ এই পুৰােধা ব্যক্তিসকলক সন্মান জনােৱা হ’ব। দলে এই পুৰােধা ব্যক্তিৰ নামত মহাবিদ্যালয়সমূহৰ নামাকৰণ হােৱাটাে বিচাৰে। অসম গণ পৰিষদ দল অসমৰ এক আঞ্চলিক ৰাজনৈতিক দল হিচাপে অসমৰ জাতি-মাটি-ভেটিৰ সুৰক্ষাৰ প্রতি দায়বদ্ধ। খিলঞ্জীয়া জনসাধাৰণৰ স্বাৰ্থ বিঘ্নিত হ’ব পৰা কোনাে কাম অসম গণ পৰিষদ দলে কৰা নাই আৰু ভৱিষ্যতেও নকৰে আৰু এয়া দলৰ স্পষ্ট মত। এই ক্ষেত্ৰত কোনােদিনে দলে আপোচ কৰা নাই। অসম গণ পৰিষদ দলে সমগ্র বিষয়টাে ৰাজ্য চৰকাৰক পুনৰ বিবেচনা কৰিবলৈ আৰু অসমৰ পুৰােধা ব্যক্তিসকলৰ নামত মহাবিদ্যালয়সমূহ নামাকৰণ কৰিবলৈ আহ্বান জনায়। আনহাতে আগন্তুক পঞ্চােয়ত নির্বাচনৰ প্ৰস্তুতি হিচাপে ১৫ চেপ্তেম্বৰত অগপই গুৱাহাটীৰ শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰত এক বিশাল পঞ্চায়ত অভিৱৰ্তনৰ আয়ােজন কৰিছে। এই অভিৱৰ্তনত পঞ্চায়ত নির্বাচনৰ সকলো ৰণকৌশল গ্রহণ কৰা হ’ব বুলি সাধাৰণ সম্পাদক কলিতাই জানিবলৈ দিয়ে।