গুৱাহাটী, ১২ আগষ্টঃ সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰে জনসংঘৰ প্ৰতিষ্ঠাতা দীনদয়াল উপাধ্যায়ৰ নামত মহাবিদ্যালয় স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰা কাৰ্যত অনুসূচীত জাতি যুৱ ছাত্ৰ পৰিষদে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে৷ পৰিষদৰ সভাপতি ৰুবুল দাসে এক বিবৃতিত কয় যে, অসমৰ সমাজ জীৱনৰ সৈতে কোনো ধৰণৰ সৰ্ম্পক নথকা দীনদয়াল উপাধ্যায় কেৱল মাত্ৰ সাম্প্ৰদায়িক চিন্তা-চৰ্চ্চা কৰা এজন ব্যক্তি৷ দেশৰ স্বাধীনতা আন্দোলনত কোনো ধৰণৰ অৱদান নথকা দীনদয়ালৰ নামত অসমত মহাবিদ্যালয় স্থাপন কৰি বিজেপি চৰকাৰে অসমীয়া জাতিক সম্পূৰ্ণৰূপে ধ্বংস কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰিছে৷ দীনদয়ালৰ পৰিবৰ্তে সংবিধান প্ৰণেতা, ভাৰতৰত্ন ড০ বি আৰ আম্বেদকাৰৰ নামত মহাবিদ্যালয় স্থাপন কৰি বিজেপি চৰকাৰে অখণ্ডতা আৰু ধৰ্মনিৰপেক্ষতাক সন্মান জনাওক৷ স্বাধীনতা আন্দোলনত অভূতপূৰ্ব অৱদান থকা ড০ বি আৰ আম্বেদকাৰৰ নেতৃত্বত প্ৰণয়ন হোৱা সংবিধানখনৰ বাবেই বৰ্তমান ভাৰতবৰ্ষ বিশ্বৰ শক্তিশালী গণতন্ত্ৰৰ প্ৰতিষ্ঠাপক দেশ৷ তদুপৰি ড০ আম্বেদকাৰ এগৰাকী পণ্ডিত হোৱাৰ লগতে তেওঁ দেশৰ লাখ লাখ শোষিত নিস্পেষিত দলিত জনতাক মুক্তিৰ পথ ৰচনা কৰিছিল৷ দাসে লগতে কয় যে, ৰাজ্যৰ মহান মনিষী সকলৰ উপৰি শংকৰদেৱ মাধৱদেৱৰ দৰে গুৰুজনাৰ কাৰণে বিগত এটা বছৰত বিজেপি চৰকাৰে একো কৰা পৰিলক্ষিত হোৱা নাই৷ কেৱল মহানগৰীৰ বাট-পথ গুৰুজনাৰ নামত উৎসৰ্গা কৰিলেই অসমপ্ৰীতি প্ৰমাণিত নহয়৷ পৰিষদে বিজেপি চৰকাৰখনক ৰাজ্যৰ মহান ব্যক্তিসকলক সন্মান জনাই অনাগত দিনত এই ব্যক্তিসকলৰ নাম মনত থকাকৈ সন্মান প্ৰদৰ্শন কৰি কাম কৰাৰ দাবী জনায়৷