সোণতলী, ৮ আগষ্টঃ দক্ষিণ কামৰূপৰ সোণতলীৰ এগৰাকী স্কুলীয়া ছাত্ৰী নিৰুৰ্দ্দেশ হোৱাক কেন্দ্ৰ কৰি অঞ্চলটোত চাঞ্চল্যকৰ পৰিবেশ বিৰাজ কৰিছে৷ সোণতলী আৰক্ষী চকীৰ অন্তৰ্গত পুৰাণগাঁৱৰ আজমল হকৰ কন্যা তথা পুৰাণগাঁও আঞ্চলিক এমই মাদ্ৰাছাৰ সপ্তম শ্ৰেণীৰ ছাত্ৰী আন্না খাতুন বিগত নদিন ধৰি নিৰুৰ্দ্দেশ হৈ আছে৷ গৰম বন্ধত গুৱাহাটী হাতীগাঁৱৰ বায়েকৰ ঘৰত ফুৰিবলৈ যোৱা ছাত্ৰী গৰাকী ৩০ জুলাইত গুৱাহাটীৰ পৰা নিজ ঘৰলৈ আহি থাকোতে নিৰুৰ্দ্দেশ হয়৷ পৰিয়ালৰ লোকে সাম্ভাব্য স্থানত বিচাৰ-খোচাৰ চলায়ো আন্নাৰ কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই৷ পৰিয়ালৰ লোকে জালুকবাৰী আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে৷ ছাত্ৰীগৰাকী গুৱাহাটীৰ জালুকবাৰীৰ পৰা নিৰুৰ্দ্দেশ হোৱা বুলি বিশেষ সূত্ৰে জানিব পৰা গৈছে৷ ছাত্ৰীগৰাকীৰ সম্ভেদ পালে ৯৫৭৭৭ ৪৬১২৪ নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে৷