আজিজ আলী

নলবাৰী

১২ জুলাই

মুকালমুৱা : মুকালমুৱা আৰক্ষীৰ বাইক চোৰৰ বিৰুদ্ধে অভিযান। অভিযানত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে তিনি দুধর্ষ বাইক চোৰক। অভিযানৰ আৰক্ষীয়ে উদ্ধাৰ কৰে দুখন চুৰিৰ বাইক।

নলবাৰী জিলাৰ মুকালমুৱা আৰক্ষীয়ে বাইক চোৰৰ বিৰুদ্ধে অভিযান চলাই এক বৃহৎ সাফল্য লাভ কৰে। মুকালমুৱাৰ কালাকুছিত অভিযান চলাই আৰক্ষীয়ে দুখনকৈ চুৰিৰ বাইক উদ্ধাৰ কৰাৰ লগতে গ্ৰেপ্তাৰ কৰে তিনিজনকৈ চোৰক৷

মুকালমুৱা আৰক্ষী থানাৰ নৱনিযুক্ত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সীমান্ত বৰাৰ নেতৃত্বত দেওবাৰে নিশা কালাকুছিত অভিযান চলাই আৰক্ষীয়ে এই সাফল্য লাভ কৰে। ধৃত বাইক চোৰ তিনিজন হৈছে ক্ৰমে বাহাৰ আলী, ৰিয়াজ আলী আৰু ৰাহুল আলী৷

উদ্ধাৰ হোৱা চুৰিৰ বাইক দুখনৰ সন্দৰ্ভত ধৃত তিনি চোৰক আৰক্ষীয়ে জেৰা চলাই থকা বুলি জানিব পৰা গৈছে। চুৰিৰ বাইক দুখনৰ নম্বৰ প্লেট খুলি ব্যৱহাৰ কৰি আহিছিল ধৃত চোৰ কেইজনে৷