তিতাবৰ, ২১ জুনঃ বোকাখাতৰ লতাবাৰীত পুৱতি নিশা সংঘটিত এক  পথ দুৰ্ঘটনাত তিতাবৰৰ পাণবাৰীৰ ৰতনপুৰৰ নিবাসী চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সম্পাদক মুক্তি নাথ গুৱালাৰ মৃত্যু হয়। গুৱালাৰ মৃত দেহ ঘৰ আহি পোৱাৰ পিছতে কৃষক নেতা অখিল গগৈৰ লগতে বিভিন্ন দল সংগঠনৰ নেতৃবৃন্দ উপস্থিত হৈ অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ উল্লেখ্য যে, চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সম্পাদক মুক্তি নাথ গুৱালা অঞ্চলটোৰ এজন জনপ্ৰিয় নেতা আছিল। কৃষক নেতা অখিল গগৈয়ে গুৱালাৰ পৰিয়ালবৰ্গক সমবেদনা জনাই  কয় যে মুক্তি নাথ গুৱালা এজন নিষ্ঠাৱান আৰু সুদক্ষ কৰ্মী আছিল। তেখেতৰ অকাল বিয়োগত সমগ্ৰ অসম বাসীয়ে এজন নিষ্ঠাৱান কৃষক নেতাক হেৰুৱালে। তেওঁ মুক্তি নাথ গুৱালাক জাতীয় শ্বহীদ ঘোষণা কৰি কয় যে তেওঁ ভালপোৱা লোকসকলৰ মাজত গুৱালা অন্যতম আছিল। মুক্তি নাথ গুৱালাৰ মৃত্যুত সমগ্ৰ অঞ্চলটোত শোকৰ পৰিবেশ বিৰাজ কৰিছে৷