সোণতলী, ৫ ছেপ্টেম্বৰঃ দক্ষিণ কামৰূপৰ সোণতলীৰ বিভিন্ন অঞ্চলত সঘনাই সংঘটিত  হৈছে বাল্য বিবাহ৷ প্ৰাপ্ত তথ্য মতে, সোণতলী আৰক্ষী চকীৰ অন্তৰ্গত পাথালীপাৰাৰ এজন যুৱকে পানীখাইতিৰ অষ্টম শ্ৰেণীৰ এগৰাকী নাবালিকা ছাত্ৰীৰ সৈতে গোপনে বিবাহত আৱদ্ধ হয়৷ যুৱকজনক হাছমত আলীৰ পুত্ৰ নুৰজামাল হক বুলি জানিব পৰা হৈছে৷ নুৰজামালে ৩ ছেপ্টেম্বৰত সকলোৰে অজ্ঞাতে ছাত্ৰীগৰাকীৰে বিবাহত আৱদ্ধ হয়৷ সোণতলীৰ পানীখাইতিৰ নুৰজামালে প্ৰায় ১৬ বছৰীয়া কিশোৰীক গোপনে বিয়া পতাৰ সম্ভেদ পাই স্থানীয় লোক তথা গাওঁবুঢ়াৰ সহযোগত আৰিকাটি গাৱৰ পৰা বকো চাইল্ড লাইনৰ নেতৃবৃন্দ উপস্থিত হয় আৰু কিশোৰী গৰাকীক  উদ্ধাৰ কৰে৷