কোকোৰাঝাৰ, ৫ ছেপ্টেম্বৰঃ এবিএমছুৰ সভাপতি লাফিকুল হত্যাকাণ্ডৰ বুজ ল’বলৈ কোকৰাঝাৰৰ ছালাকাটিত সৰ্বভাৰতীয় সম্প্ৰীতি যাত্ৰাৰ দল (কাৰবান-এ-মহাব্বত) উপস্থিত হয়৷ সৰ্বভাৰতীয় সম্প্ৰীতি যাত্ৰাৰ দলৰ সদস্য তথা অৱসৰপ্ৰাপ্ত আই এএছ বিষয়া হৰ্ষ মান্দাৰ আৰু জন অধিকাৰ কৰ্মী তথা সমাজ সেৱক জন দোয়ালসহ দহজনীয়া সজাতি দলৰ লগতে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সদস্য লাফিকুলৰ বাসগৃহত উপস্থিত হৈ হত্যাকাণ্ড আৰু ইয়াৰ তদন্তৰ বুজ লয়৷ সমাজ সেৱক হৰ্ষ মান্দাৰ আৰু জন দোয়ালে লাফিকুল হত্যাকাণ্ডক ৰাজনৈতিক হত্যা বুলি অভিহিত কৰে। আনহাতে এবিএমছুৰ সাধাৰণ সম্পাদক স্বাকামাল খণ্ডকাৰে ৰাজ্যৰ সংবাদ মাধ্যমত লাফিকুল হত্যাকাণ্ডত জড়িত থকাৰ অভিযুক্তসকলৰ নাম সহকাৰে প্ৰকাশ পোৱাৰ পিছতো আৰক্ষী, প্ৰশাসন তথা চৰকাৰে নিৰৱ ভূমিকা গ্ৰহণ কৰাত তথা প্ৰকাশিত বাতৰিৰ সত্যতাৰ ওপৰত আৰক্ষী সঞ্চালক প্ৰধানে স্পষ্টীকৰণ দিব নোৱাৰাত কঠোৰ ভাষাৰে সমালোচনা কৰে।  আনহাতে আমছুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ৰেজাউল কৰিম সৰকাৰে হত্যাকাণ্ডৰ ৩৫ দিন উকলি যোৱাৰ পিছতো হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিব নোৱাৰাত ৰাজ্যৰ গৃহ বিভাগ হত্যাকাণ্ডত জড়িত থকাৰ অভিযোগ কৰে৷ তেওঁ এজন প্ৰভাৱশালী ৰাজনৈতিক নেতাৰ বাতৰি কাকতত সকলো তথ্য প্ৰকাশ পোৱাৰ পিছতো কাকতখনৰ স্বতাধিকাৰীক আৰক্ষী সঞ্চালকে জেৰা নকৰা বিষয়টোত তীব্ৰ ভাষাৰে সমালোচনা কৰে৷ এনে এগৰাকী আৰক্ষী সঞ্চালক প্ৰধানৰ ৰাজ্যৰ শাসনৰ শীৰ্ষত থকাৰ নৈতিক অধিকাৰ নাই বুলি দাবী কৰি তেওঁক  উক্ত পদৰ পৰা অব্যাহতি দিয়া উচিত বুলি ক্ষোভ প্ৰকাশ কৰে৷