গুৱাহাটী, সংবাদ ৩৬৫, ১৬ ছেপ্টেম্বৰ : কনৰাড চাংমাৰ পিছতে অৰুণাচলৰ মুখ্যমন্ত্ৰী প্ৰেমা খাণ্ডোৰ জলবিদ্যুৎ প্ৰকল্পক লৈ লোৱা সিদ্ধান্ত অতি প্ৰশংসনীয় । অৰুণাচলৰ মুখ্যমন্ত্ৰী গৰাকীয়ে নাকচ কৰিছে ২২ টা জলবিদ্যুৎ প্রকল্পৰ চুক্তি ।

উল্লেখযোগ্য যে অৰুণাচলত বনাবলগীয়া ১৩৬ টা জলবিদ্যুৎ প্ৰকল্পৰ ২২ টাৰ চুক্তি নাকচ কৰিছে মুখ্যমন্ত্ৰী প্ৰেমা খাণ্ডোৱে । যিসময়ত অসম চৰকাৰে নামনি সোৱণশিৰী প্ৰকল্প নিৰ্মাণ কৰাক লৈ উঠি-পৰি লাগিছে সেইসময়তে আন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে নাকচ কৰি গৈছে জলবিদ্যুৎ প্ৰকল্পৰ চুক্তি ।

প্ৰেমা খাণ্ডোৰ জলবিদ্যুৎ প্ৰকল্পক লৈ লোৱা সিদ্ধান্তক আদৰণি জনাই অখিল গগৈয়ে কয় যে অসমৰ সকলো মন্ত্রী, বিধায়ক লগ হৈ অৰুণাচলৰ চৰকাৰক সকলো বিলাক প্ৰকল্প বন্ধ কৰিবলৈ হেঁচা প্ৰদান কৰিব লাগে অন্যথা এই বান্ধসমূহে অসমৰ ব্যাপক ক্ষতি সাধন কৰিব ।

ইফালে নামনি সোৱণশিৰী প্ৰকল্পৰ ক্ষেত্ৰত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এই প্ৰকল্প কেতিয়াও নিৰ্মাণ হবলৈ নিদিওঁ বুলি জানিবলৈ দিয়ে । ইয়াৰ বাবে ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত তথা প্ৰাণ দিবলৈও সাজু আছে বুলি জানিবলৈ দিয়ে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈয়ে । কেৱল মাত্ৰ সোৱণশিৰী জলবিদ্যুৎ প্ৰকল্পই নহয় বিশ্বৰ বৃহৎ প্ৰকল্প লুৱাৰ ডেম প্ৰকল্প, চিয়াং প্ৰকল্প আদিৰো কাম কৰিবলৈ দিয়া নহব বুলি কয় গগৈয়ে।