সোণতলী, ২৯ আগষ্টঃ দক্ষিণ কামৰূপৰ সোণতলীৰ টুপামাৰীত এগৰাকী পঞ্চায়ত সদস্যই বান সাহাৰ্য্যৰ সামগ্ৰী হৰলুকি কৰা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ টুপামাৰীত বানাক্ৰান্ত পশু পালকসকলৰ বাবে চৰকাৰে যোগান ধৰা পশু খাদ্যৰ ব্যাপক কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছিল৷ স্থানীয় লোকৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে টুপামাৰী গাওঁ পঞ্চায়তৰ ৱাৰ্ড সদস্য সাগৰ আলীৰ বাসগৃহত অতৰ্কিতে অভিযান চলাই চাৰি বস্তা পশু খাদ্য জব্দ কৰে৷ টুপামাৰী আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে যদিও ৱাৰ্ড সদস্য সাগৰ আলী বৰ্তমান পলাতক অৱস্থাত আছে৷ স্থানীয় লোকে সাগৰ আলিয়ে বানাক্ৰান্তক  বিতৰণ কৰিবলগীয়া পশু খাদ্য বৃহৎ অংশ বিক্ৰী কৰাৰ অভিযোগ তুলি ৱাৰ্ড সদস্য সাগৰ আলীক শীঘ্ৰে কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তিৰ দাবী জনাইছে৷