নলবাৰী ২৯ আগষ্টঃ নলবাৰী বিধায়ক অশোক শৰ্মা এক ব্যতিক্ৰমী পদক্ষেপ৷ আগন্তক ২০১৮ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া দুখীয়া ছাত্ৰ ছাত্ৰীৰ মাজত বিনামূলীয়া ভাবে বহী, কাগজ আৰু সহায়িকা বিতৰণ কৰে৷ শৰ্মাইৰ খাতিকুছিত পশ্চিম বনভাগ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰায় ৫০০ ছাত্ৰ ছাত্ৰীৰ মাজত এই সামগ্ৰীসমূহ বিতৰণ কৰে। উক্ত সভাখনত জিলা বিজেপিৰ সভাপতি বনদ্বীপ ডেকা আৰু শিক্ষাবিদ দীনমণি ভাগৱতী উপস্থিত থাকে। আগন্তুক সময়ত বিধায়কগৰাকীয়ে নলবাৰী সমষ্টিৰ প্ৰায় দুহেজাৰ দুখীয়া ছাত্ৰ ছাত্ৰীৰ মাজত বহী, কাগজ আৰু সহায়িকা বিতৰণ কৰিব বুলি জানিবলৈ দিয়ে৷ তেওঁ লগতে আগন্তুক পাঁচ বছৰীয়া কাৰ্য্যকালত প্ৰতিবছৰত এমাহৰ দৰমহা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সৰ্বোচ্চ নম্বৰ প্ৰাপ্তক প্ৰদান কৰিব বুলি উল্লেখ কৰে৷