গুৱাহাটী, ২৯ আগষ্টঃ আগন্তুক পঞ্চায়ত নিৰ্বাচনত সুকীয়াকৈ প্ৰতিদ্বন্দিতা আগবঢ়াব অসম প্ৰদেশ তৃণমূল কংগ্ৰেছে৷ তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সাধাৰণ সম্পাদক সোণাৰুল শ্বাহ মুস্তাফাই দিছপুৰ প্ৰেছ ক্লাৱত আয়োজিত এক সংবাদমেলৰ জৰিয়তে এই তথ্য সদৰি কৰে৷ তেওঁ সংবাদমেলত কয় যে, ইতিমধ্যে তৃণমূল কংগ্ৰেছে প্ৰতিটো পঞ্চায়ততে প্ৰাৰ্থীত্ব দিয়াৰ সিদ্ধান্ত লৈছে আৰু জিলা কমিটি সমূহ পুনৰ গঠনৰ ব্যৱস্থা গ্ৰহণ কৰিছে৷ তৃণমূল কংগ্ৰেছে লগতে অসমৰ জলন্ত সমস্যাসমূহৰ সন্দৰ্ভত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰক দাবী জনাইছে৷ ইয়াৰ ভিতৰত তৃণমূল কংগ্ৰেছে ২০১৬ চনৰ নাগৰিকত্ব সংশোধনী বিধেয়কখন তীব্ৰ ভাষাৰে বিৰোধীতা কৰিছে আৰু ১৯৯৪ চনৰ চৰকাৰৰ জনসংখ্যা আনুপাতিকক নিয়োগ ব্যৱস্থা কাৰ্যকৰীকৰণৰ কাৰণে দাবী জনাইছে৷ অসমৰ বান গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ লগতে শেহতীয়া বানত ক্ষতিগ্ৰস্ত জনসাধাৰণক পুনৰ সংস্থাপন আৰু আৰ্থিক সাহাৰ্য্য প্ৰদানৰ দাবী জনাইছে৷ ইয়াৰ উপৰি নগাঁও কাণ্ডৰ উচিত তদন্ত কৰি দোষীক উপযুক্ত শাস্তি প্ৰদান, ন্যায়াধীশ চাচাৰ কমিটিৰ ৰিৰ্পোট কাৰ্যকৰী কৰা, ভূমিহীন খিলঞ্জীয়াক ভূমিপট্টা দিয়াৰ ব্যৱস্থা কৰা, অসংবিধানিক ডি ভোটাৰৰ জৰিয়তে বৈধ ভাৰতীয় নাগৰিকক হাৰাশাস্তি বন্ধ কৰা, অসমৰ ১৯৭১ চনৰ ভোটাৰ তালিকাত নাম থকা ব্যক্তিৰ সতি সন্ততিক খিলঞ্জীয়া অসমৰ ভূমিপুত্ৰ হিচাপে ঘোষনা কৰা, খিলঞ্জীয়া বানাক্ৰান্ত, ভূমিহীন ব্যক্তিসকলক উচ্ছেদেৰে হাৰাশাস্তি নকৰি বিকল্প সংস্থাপনৰ ব্যৱস্থা কৰা আৰু এনআৰচিৰ উন্নীতককৰণৰ কাম নিৰপেক্ষভাবে সম্পাদনৰ দাবী উত্থাপন কৰে৷ আনহাতে আজি অসম প্ৰদেশ তৃণমূল কংগ্ৰেছত কেবাজনো ব্যক্তিয়ে যোগদান কৰে৷ তেওঁলোক ক্ৰমে ভূপেন শৰ্মা, জয়া দলে শীল, মনোজ সেনাপতি, ৰৌচন আলি, প্ৰদীপ দাস, হেমন্ত কুমাৰ স্বৰ্গীয়াৰী, দীপক কুমাৰ নেওঁগ আৰু ৰাজেন দাস৷ ইয়াৰ পূৰ্বে মোহন বসুমতাৰীয়ে অসম প্ৰদেশ তৃণমূল কংগ্ৰেছত যোগদান কৰিছিল৷