মুজাক্কিৰ আলম

ৰূপহীহাট : ৰূপহীহাটত বন্ধন বেংকৰ ২০ খনকৈ শিক্ষানুষ্ঠান। বন্ধন বেংকে ৰূপহীহাটৰ আওহতীয়া অঞ্চলত মুকলি কৰিছে ২০ খনকৈ শিক্ষানুষ্ঠান। এইবাৰ শিক্ষাৰ পোহৰলৈ আহিছে বন্ধন বেংক। বন্ধন শিক্ষা কেন্দ্ৰৰ জড়িয়তে বিদ্যালয় স্থাপন কৰি বন্ধন বেংকৰ বিনামূলীয়া শিক্ষা প্ৰদানৰ প্ৰশংসনীয় পদক্ষেপ।

গ্ৰামাঞ্চলৰ মহিলা সকলক ঋণ প্ৰদানৰ জড়িয়তে আৰ্থিকভাৱে স্বাৱলম্বী কৰি তোলাৰ প্ৰচেষ্টা অব্যাহত ৰখা বন্ধন বেংক এতিয়া সকলোৰে বাবে হৈ পৰিছে এক চিনাকি নাম। ঋণ প্ৰদানৰ জড়িয়তে মহিলা গোট সকলক আৰ্থিকভাৱে সকাহ দিয়াৰ সমান্তৰাল কৈ মহিলা সকলক আত্মনিৰ্ভৰশীল ৰূপে গঢ়ি তোলা অহৰহ চেষ্টা চলাই অহা বন্ধন বেংকে শেহতীয়াকৈ শিক্ষাৰ ক্ষেত্ৰতো গঢ়ি তুলিছে এক শৈক্ষিক বিপ্লৱ। বন্ধন বেংকৰ অধীনত “বন্ধন এডুকেশ্যন প্ৰগ্ৰাম”ৰ জড়িয়তে গ্ৰামাঞ্চল সমূহত বন্ধন শিক্ষা কেন্দ্ৰ স্থাপন কৰি কণ কণ শিশুৰ মাজত জ্ঞান বিকাশৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে।

উন্নত শিক্ষাৰ মানদণ্ডৰে গঢ়ি উঠা এই শিক্ষা কেন্দ্ৰ সমূহত সম্পূৰ্ণ বিনামূলীয়াকৈ পাঠ্যপুথি যোগান ধৰাৰ লগতে একো গৰাকী শিক্ষয়ত্ৰী নিযুক্তি দি বিনামূলীয়াকৈ পাঠদানৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। বন্ধন শিক্ষা কেন্দ্ৰৰ অধীনত অসমৰ ৮ খন জিলাত ৮৭০ খন বিদ্যালয় স্থাপন কৰি ১১ হাজাৰ ১ শ গৰাকী কণ কণ ছাত্র-ছাত্ৰীক পাঠদান দি থকা হৈছে।

নগাঁও জিলাৰ ৰূপহী বন্ধন কেন্দ্ৰৰ অধীনত ২০ খনকৈ শিক্ষা কেন্দ্ৰ স্থাপন কৰি পাঠদানৰ ব্যৱস্থা কৰা হৈছে। কণ কণ শিশু সকলে সুন্দৰভাৱে ইংৰাজী আৰু অসমীয়া ভাষাত শিক্ষা লাভ কৰিবলৈ সক্ষম হোৱাৰ লগতে ৰূপহীহাটৰ দৰে অতি পিছপৰা অঞ্চলত দৰিদ্ৰ পৰিয়ালৰ কণ কণ শিশু সকলে বিনামূলীয়াকৈ লাভ কৰিছে শিক্ষা। বন্ধন শিক্ষা কেন্দ্ৰৰ এনে পদক্ষেপে ব্যাপক সহাৰি লাভ কৰা পৰিলক্ষিত হৈছে।