নিউজ ডেস্ক : মোদী চৰকাৰৰ লগত বিগত এবছৰ ধৰি যুঁজ চলাই বিজয়ী হ’ল দেশৰ কৃষক সকল। এবছৰ ধৰি প্ৰতিবাদ সাব্যস্ত কৰি থকা দেশৰ কৃষক সকলৰ দাবী মানি ল’লে মোদী চৰকাৰে। তিনিখন কৃষি আইন প্ৰত্যাহাৰ কৰাৰ ঘোষণা কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। অতি শীঘ্ৰে প্ৰত্যাহাৰ কৰা হ’ব তিনি কৃষি আইন।

শুকুৰবাৰে দেশবাসীক সম্বোধন কৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে তিনি কৃষি আইন প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে তিনিখন কৃষি আইন প্ৰত্যাহাৰ প্ৰক্ৰিয়া আগন্তক সংসদ অধিৱেশনত সম্পূৰ্ণ কৰা হ’ব। প্ৰধানমন্ত্ৰীয়ে কয় যে আমাৰ চৰকাৰে বাৰম্বাৰ চেষ্টা কৰিও প্ৰতিবাদকাৰী কৃষক সকলক কৃষি আইন সম্পৰ্কে বুজাব নোৱাৰিলে।

আমাৰ প্ৰচেষ্টাত নিশ্চয় ক্ৰুটি আছে বাবে দেশবাসীৰ ওচৰত ক্ষমা বিচাৰিছো। প্ৰধানমন্ত্ৰীয়ে তিনিখন কৃষি আইন প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰি কৃষক সকলক আন্দোলন শেষ কৰি পথাৰলৈ আৰু ঘৰলৈ ঘূৰি যোৱাৰ আহ্বান জনায়। ইফালে প্রধানমন্ত্ৰীৰ ঘোষণাৰ পিছতে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে তিনিখন কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি থকা কৃষক সকলৰ নেতা ৰাকেশ টিকেতে।

কৃষক নেতা ৰাকেশ টিকেতে কয় যে কৃষক সকলৰ আন্দোলন শীঘ্ৰে প্ৰত্যাহাৰ কৰা নহয়। তিনিখন কৃষি আইন সংসদত বাতিল নকৰা পৰ্যন্ত আন্দোলন অব্যাহত থাকিব। তিনিখন কৃষি আইন সংসদত বাতিল নকৰা পৰ্যন্ত আমি অপেক্ষা কৰিম বুলিও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাকেশ টিকেতে। এম এছ পি আৰু কৃষক সকলৰ অন্যান্য সমস্যা সমাধানৰ বাবেও চৰকাৰৰ লগত আলোচনাৰ কথা উল্লেখ কৰিছে কৃষক নেতা গৰাকীয়ে।

উল্লেখ্য যে নৰেন্দ্ৰ মোদী চৰকাৰৰ তিনিখন কৃষি আইনৰ বিৰোধিতা কৰি দেশৰ কৃষক সকলে বিগত এবছৰ ধৰি প্ৰতিবাদ সাব্যস্ত কৰি আছে। কৃষক সকলে তিনিখন কৃষি আইন বাতিল কৰাৰ দাবী জনাই ধাৰাবাহিক আন্দোলন চলাই আছে। তিনিখন কৃষি আইনকলৈ চৰকাৰ আৰু কৃষক সকলক মাজত এবছৰ ধৰি যুঁজখনত অৱশেষত কৃষক সকল বিজয়ী হয়। চৰকাৰে কৃষক সকলৰ আন্দোলনৰ ফলত অৱশেষত তিনিখন কৃষি আইন বাতিল কৰিবলৈ বাধ্য হয়।