আজিজ আলী
মুকালমুৱা : বৰক্ষেত্ৰীৰ লোহাৰকাঠাত বিহগী কবি ৰঘুনাথ চৌধুৰীৰ স্মৃতি দিৱস। ৰঘুনাথ চৌধুৰী সাহিত্য সভাৰ উদ্যোগত আৰু নলবাৰী জিলা সাহিত্য সভাৰ সহযোগত বিহগী কবি স্মৃতি দিৱস উদযাপন কৰা হয়। ৰঘুনাথ চৌধুৰী সাহিত্য সভাৰ সভাপতি আনোৱাৰ হুছেইন শইকীয়াই ৰাতিপুৱা পতাকা উত্তোলন কৰে।

২ নম্বৰ লোহাৰকাঠা মধ্য ইংৰাজী বিদ্যালয়ত পতাকা উত্তোলন কৰে বিদ্যালয়খনৰ প্ৰধান শিক্ষক আবেদ আলীয়ে। ৮.৪৫ বজাত শ্বহীদ তৰ্পন কৰে ৰুবুল আলী। ৯.০০ বজাত বিহগী কবি ৰঘুনাথ চৌধুৰীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্য অৰ্পণ কৰে বৰক্ষেত্ৰী মহাবিদ্যালয়ৰ প্ৰবক্তা চাহজাহানা বেগমে।

ৰাতিপুৱা ৯.৩০ বজাত গছপুলি ৰোপণ কৰে লোহাৰকাঠা আদাবাৰী গাঁও পঞ্চায়তৰ সভানেত্ৰী জিলিমা বেগম প্ৰমুখ্যে কেইবাগৰাকী ব্যক্তিয়ে। ১০.৩০ বজাত বিষয় বাচনি সভা অনুষ্ঠিত হয়। দুপৰীয়া ১.০০ বজাৰ পৰা আৰম্ভ হয় মুকলি অধিবেশন।মুকলি অধিবেশনত সভাপতিত্ব কৰে নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মাই। মুকলি সভাৰ উদ্বোধক হিচাপে উপস্থিত থাকে অসম সাহিত্য সভাৰ মুখপাত্ৰ ডঃ সঞ্জীৱ কুমাৰ শৰ্মা।

বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অসম সাহিত্য সভাৰ পত্ৰিকা সম্পাদক ডক্টৰ উপেন্দ্ৰজিত শৰ্মা। অসম সাহিত্য সভাৰ সাংগঠনিক সম্পাদক গোবিন্দ কলিতা। অনুষ্ঠানতে পূৰ্বজ্যোতি নামৰ দ্বি-বাৰ্ষিক মুখপত্ৰ উন্মোচন কৰা হয়।নলবাৰী জিলা সাহিত্য সভাৰ সহকাৰী সম্পাদক শ্বাহ আলম আহমেদ উপষ্টিত থাকে। নলবাৰী জিলা সাংবাদিক সন্থাৰ সভাপতি ৰাজেন ডেকাৰ লগতে কেবাগৰাকী লোক উপস্থিত থাকে।