বৰহাট, ১০ জুনঃ চৰাইদেউ জিলাৰ বৰহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰৱেশদ্বাৰৰ সন্মুখৰ এটা প্ৰকাণ্ড নলাৰ ওপৰত থকা পকী শ্লেপ দুয়োখন ভাঙি ছাত্ৰ-ছাত্ৰীৰ জীৱনলৈ ভাবুকি কঢ়িয়াই আনিছে৷ অভিযোগ অনুসৰি, অতি নিম্ন মানদণ্ডৰ সা-সামগ্ৰী তথা পাতলীয়াকৈ অবৈজ্ঞানিক পদ্ধতিৰে তৈয়াৰ কৰাৰ কাৰণে বিদ্যালয়ৰ মূল তোৰণৰ সন্মুখত থকা পকী শ্লেপ দুয়োখন ভাঙি যায়৷ বিগত আঠ মাহ পূৰ্বে ভঙা শ্লেপ দুখনৰ ফলত ছাত্ৰ-ছাত্ৰীৰ যাতায়তত অসুবিধাৰ সৃষ্টি পৰিলক্ষিত হোৱাৰ পিছতো মেৰামতিৰ নামত বিদ্যালয়ৰ কৰ্তৃপক্ষই কোনো ধৰণৰ পদক্ষেপ হাতত নলৈ মৰণফাণ্ড পতা কাৰ্যত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী, অভিভাৱকৰ লগতে স্থানীয় লোক তথা জনগোষ্ঠীয় সংগঠন চুম্ হুম্ লিক্ লাই লে’ ফিঙ্ ঙে ত্তাঈ বৰহাট আঞ্চলিক সমিতিয়ে তীব্ৰ ভাষাৰে গৰিহণা দিছে৷ ভঙা শ্লেপ দুখনত যি কোনো মূহুৰ্ততে দূৰ্ঘটনা হোৱাৰ আশংকা প্ৰকাশ কৰি তেওঁলোকে শীঘ্ৰে ভঙা পকী শ্লেপ দুখন মেৰামতি কৰাৰ পৰিৱৰ্তে উন্নত মানৰ পকী কালভাৰ্ট নিৰ্মাণ কৰিবলৈ  বিদ্যালয়ৰ কৰ্তৃপক্ষক দাবী  জনাইছে।