মানকাচৰ : মানকাচৰত গ্ৰেপ্তাৰ বাংলাদেশৰ চোৰাং গৰু ব্যৱসায়ী। অবৈধভাৱে ভাৰতৰ পৰিৱেশ কৰিছিল বাংলাদেশৰ গৰু ব্যৱসায়ীজন। ভাৰতৰ পৰা বাংলাদেশলৈ চোৰাংভাৱে গৰু সৰবৰাহ কৰাৰ উদ্দেশ্যে ভাৰতত প্ৰৱেশ কৰিছিল বাংলাদেশৰ গৰু ব্যৱসায়ীজন।

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰৰ ঝালৰচৰৰ কুটিৰঘাটত এজন বাংলাদেশী গৰু ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। এক গোপন খবৰৰ ভিত্তিত কালাপানী আৰক্ষীয়ে অভিযান চলাই বাংলাদেশী গৰু ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।

যোৱা ২০ জানুৱাৰীৰ নিশা কাঁইটীয়া তাঁৰৰ বেৰৰ ওপৰেদি ঢেঁকীৰ সহযোগত ভাৰতত প্ৰৱেশ কৰিছিল বাংলাদেশী গৰু ব্যৱসায়ীজন। মানকাচৰ ঝালৰচৰৰ ভাৰত-বাংলাদেশ সীমান্তত থকা কাঁইটীয়া তাঁৰৰ বেৰৰ ওপৰেদি প্ৰৱেশ কৰি কুটিৰঘাট গাঁৱৰ শ্বাহ আলম নামৰ লোকজনৰ ঘৰত আশ্ৰয় লৈ আছিল বাংলাদেশী গৰু ব্যৱসায়ীজন।

কালাপানী আৰক্ষীয়ে অভিযান চলাই শ্বাহ আলম নামৰ লোকজনৰ ঘৰৰ পৰা বাংলাদেশী গৰু ব্যৱসায়ীজনক গ্ৰেপ্তাৰ কৰে। শ্বাহ আলমও গৰুৰ চোৰাং ব্যৱসায়ৰ লগত জড়িত বুলি জানিব পৰা গৈছে। গৰুৰ ব্যৱসায় সংক্ৰান্তত বাংলাদেশী গৰু ব্যৱসায়ীজন ভাৰতত প্ৰৱেশ কৰা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

বাংলাদেশী গৰু ব্যৱসায়ীজন কুৰিগ্ৰাম জিলাৰ ৰৌমাৰী থানাৰ অন্তৰ্গত বেহুলাৰচৰ গাঁৱৰ প্ৰয়াত মুৰতাজ আলীৰ পুত্ৰ হবিবৰ ৰহমান বুলি চিনাক্ত কৰা হৈছে। বাংলাদেশী গৰু ব্যৱসায়ীজন ভাৰতত প্ৰৱেশ কৰাত জিলাখনত গৰুৰ চোৰাং বেহা অব্যাহত থকা স্পষ্টভাৱে প্ৰমাণিত হৈছে।