নিউজ ডেস্ক : মায়ানগৰী মুম্বাইত ভয়ংকৰ অগ্নিকাণ্ড। ২০ মহলীয়া অট্টালিক এটাত সংঘটিত হৈ এই ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিকাণ্ডৰ ফলত ৭ জনকৈ লোকৰ মৃত্যু হোৱাৰ বিপৰীতে আহত হৈছে ১৫ জনকৈ লোক। ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ দল উপস্থিত হৈ জুই নিৰ্বাপনৰ চেষ্টা অব্যাহত ৰাখিছে।

মায়ানগৰী মুম্বাইৰ তাড়দেৱ অঞ্চলত থকা কমলা বিল্ডিং নামৰ এটা অট্টালিকত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে। ২০ মহলীয়া কমলা বিল্ডিংৰ ১৮ নং মহলত সংঘটিত হৈছে এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। শনিবাৰে পুৱা ৭.৩০ বজাত কমলা বিল্ডিংৰ ১৮ নং মহলত অগ্নিকাণ্ডৰ সূত্ৰপাত হয়।

জুইৰ লেলিহান শিখাই কমলা বিল্ডিংৰ ১৮ নং মহলত বিয়পি পৰাত বিল্ডিংত থকা লোক সকলক আতংকিত হৈ পৰে। এই ভয়ংকৰ অগ্নিকাণ্ডত ৭ জনকৈ লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ১৫ জনকৈ লোক আহত হৈছে বুলি জানিব পৰা গৈছে। আহত সকলক ইতিমধ্যে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।

অহাত সকলৰ ভিতৰত ৩ জন লোকৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ জুই নিৰ্বাপনৰ চেষ্টা অব্যাহত ৰাখিছে। অগ্নিকাণ্ডৰ কাৰণ এৰিয়াও জানিব পৰা হোৱা নাই। অগ্নিকাণ্ড সংঘটিত হোৱা অঞ্চলটো ঘন বস্তিপূৰ্ণ অঞ্চল বুলি জানিব পৰা গৈছে।