নিউজ ডেস্ক : চুবুৰীয়া ৰাজ্য পশ্চিম বংগৰ কোচবিহাৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তত আটক বাংলাদেশী নাগৰিক। গুৱাহাটী ফ্ৰণ্টিয়াৰ বিএছএফৰ অধীনত থকা ১২৯ নং বিএন বিএছএফে এগৰাকী বাংলাদেশী নাগৰিকক সীমান্তৰ পৰা আটক কৰি ফ্লেক মিটিংৰ জৰিয়তে বাংলাদেশ সীমান্ত সুৰক্ষা বাহিনী গতাই দিয়ে।

যোৱা ২২ আগষ্টৰ সন্ধিয়া প্ৰায় ৭.৪৫ বজাত সীমান্ত অতিক্ৰম কৰি বাংলাদেশৰ পৰা ভাৰতত প্ৰৱেশ কৰাৰ সময়ত বিএছএফৰ হাতত বাংলাদেশী নাগৰিক জন আটক হয়। ধৃত বাংলাদেশী নাগৰিকজন চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ লালমণিৰহাট জিলাৰ লালমণিৰহাট আৰক্ষী থানাৰ অন্তৰ্গত ভাটিবাৰী গাঁৱৰ নুৰ ইছলামৰ পুত্ৰ আতিয়াৰ ৰহমান বুলি চিনাক্ত কৰা হৈছে। বিএছএফে বাংলাদেশৰ ১৫ নং বিজিবিৰ সৈতে ফ্লেক মিটিং কৰি বাংলাদেশী নাগৰিক জনক চমজাই দিয়ে।

প্ৰথমবাৰৰ বাবে বিএছএফে এইদৰে উভয় ৰাষ্ট্ৰৰ কমিছনাৰৰ সৈতে আলোচনা কৰি ফ্লেক মিটিংৰ জৰিয়তে এইদৰে সীমান্তৰ পৰা আটকাধীন লোক এজনক বাংলাদশক চমজাই দিয়াৰ ঘটনাই বিশেষ তাৎপৰ্য বহন কৰিছে। উল্লেখ্য যে বিএছএফে বিভিন্ন সময়ত বাগলাদেশৰ পৰা অবৈধভাৱে কাঁইটীয়া তাঁৰ পৰা কৰি ভাৰতত প্ৰৱেশ কৰাৰ চেষ্টা চলোৱা বাংলাদেশী নাগৰিকক আটক কৰে।