মানকাচৰ : বাল্যবিবাহ সম্পন্ন কৰিবলৈ অহা কাজী আৰক্ষীৰ জালত। দৰা-কন্যাকো আটক কৰিছে আৰক্ষীয়ে। নাবালিক দৰা আৰু নাবালিকা কন্যাৰ অভিভাৱক পলাতক। মানকাচৰৰ অসম-মেঘালয় সীমান্তৰ বাংটিমাৰীত কালাপানী আৰক্ষীয়ে বাল্য বিবাহৰ বিৰুদ্ধে অভিযান চলাইছিল।

যি সময়ত চৰকাৰ তথা বিভিন্ন দল-সংগঠন আৰু বেচৰকাৰী সন্থাই বাল্য বিবাহ ৰোধ কৰাৰ বাবে ৰাইজৰ মাজত সজাগতা অভিযান অব্যাহত ৰাখিছে সেই সময়তে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়াও বাল্য বিবাহ সম্পন্ন হৈ থকা পৰিলক্ষিত হৈছে। বিশেষকৈ নামনি অসমৰ বৰপেটা, ধুবুৰী আৰু দক্ষিণ শালমাৰা-মানকাচৰ জিলাত প্ৰায়ে বাল্য বিবাহ দৰে ঘটনা সম্পন্ন হোৱা দেখিবলৈ পোৱা যায়।

এই অঞ্চল সমূহৰ সচেতন ৰাইজে বাল্য বিবাহৰ বিৰুদ্ধে ওলাই আহিছে যদিও শিক্ষাৰ পোহৰৰ পৰা বঞ্চিত একাংশ লোকে বাল্য বিবাহৰ নিচিনা ঘটনাৰ লগত জড়িত হৈ আছে। শিক্ষাৰ পোহৰৰ পৰা বঞ্চিত একাংশ দৰিদ্ৰ পিতৃ-মাতৃয়ে নিজৰ পুত্ৰ-কন্যাক কম বয়সতে বিবাহৰ বান্ধোনত বান্ধিব পৰিলেই নিজৰ দায়িত্ব শেষ বুলি ধাৰণা কৰে। এনে পিতৃ-মাতৃৰ মানসিকতাৰ সুবিধালৈ একাংশ কাজীয়ে ধনৰ লোভত বাল্য বিবাহক এক ব্যৱসায় হিচাপে চলাই আছে।

দক্ষিণ শালমাৰা-মানকাচৰ জিলাত পুনৰ এনে এক বাল্য বিবাহৰ ঘটনা পোহৰলৈ আহিছে। আৰক্ষীৰ তৎপৰতাত এই বাল্য বিবাহ ৰোধ হয় আৰু বিবাহ সম্পন্ন কৰিবলৈ অহা কাজীজন আৰক্ষীৰ জালত পৰে। আৰক্ষীয়ে নাবালিক দৰা আৰু নামাবলিকা কইনাকো আটক কৰিছে। বাল্য বিবাহ সম্পন্ন কৰিবলৈ অহা কাজীজনৰ নাম মৌলানা ইব্ৰাহিম আলী।

মানকাচৰ থানাত কাজীসহ দৰা আৰু কইনাক সোধা পোছাৰ অন্তত কাজীজনক গ্ৰেপ্তাৰ কৰিছে কালাপানী আৰক্ষীয়ে। ইফালে নাবালিক দৰা আৰু নাবালিকা কন্যাৰ অভিভাৱক পলায়ন কৰিছে বুলি জানিব পৰা গৈছে। কালা পানী আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই বাল্য বিবাহ সম্পন্ন হোৱাৰ পূৰ্বেই বাংটিমাৰীত উপস্থিত হৈ কাজীজনক গ্ৰেপ্তাৰ কৰে।

উল্লেখ্য যে দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ হাটশিঙিমাৰী মুছলিম বিবাহ আৰু তালাক পঞ্জীয়ক কাৰ্যালয়ত কিছুদিন পূৰ্বে বাল্য বিবাহৰ বিৰুদ্ধে এক সজাগতা অনুষ্ঠান অনুষ্ঠিত কৰা হৈছিল। সজাগতা অনুষ্ঠানত যি সকল কাজীয়ে বাল্য বিবাহ সম্পন্ন কৰা ঘটনাৰ লগত জড়িত থাকিব তেওঁলোকৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল।