লংকা, ৮ এপ্ৰিলঃ হোজাই জিলাৰ লামডিং উন্নয়ন খণ্ডৰ অন্তৰ্গত নখুটি গাওঁ পঞ্চায়ত বিভিন্ন আঁচনিৰ নামত বৃহৎ দুৰ্নীতি সংঘটিত হোৱাৰ ঘটনা পোহৰলৈ আহিছে৷ নখুটি পঞ্চায়তৰ সদস্যাৰ বিৰুদ্ধে এই দুৰ্নীতি তথা অনিয়মৰ অভিযোগ উঠিছে৷ উল্লেখ্য যে, ২০১৫-১৬ বৰ্ষত নখুটি পঞ্চায়তত ৭ খন আঁচনিৰ ৰূপায়ণৰ নামত পঞ্চাশ লাখ টকা আবন্টন হৈছিল৷ ৰহস্য জনক ভাবে নাম মাত্ৰ কাম কৰিয়ে পঞ্চায়তৰ সদস্যা উম্মে চালমায়ে বৃহৎ পৰিমাণৰ ধন আত্মসাত কৰে বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে৷ স্থানীয় ৰাইজে সদস্যা গৰাকীয়ে কৰা দুৰ্নীতি তথা অনিয়মৰ তদন্ত বিচাৰি জিলা উপায়ুক্তৰ ওচৰত ধন আত্মসাতৰ অভিযোগ দিয়ে৷ স্থানীয় ৰাইজে অভিযোগৰ পিছত জিলা উপায়ুক্তৰ নিৰ্দেশত দণ্ডাধীশ দ্বীপশিখা শইকীয়া নখুটি গাঁও পঞ্চায়তত উপস্থিত হৈ বহু কেইখন  আঁচনিৰ নামত হোৱা দুৰ্নীতিৰ তদন্ত অব্যাহত ৰাখিছে৷ পঞ্চায়ত সদস্যা গৰাকীক আঁচনি তথা কামৰ খতিয়ান বিষয়ে সাংবাদিকে  প্ৰশ্ন কৰাত হতভম্ব হৈ পৰে সদস্যা গৰাকী৷ আঁচনি নাম তথা ক’ত কিমান টকা আৱন্টন দিয়া হৈছে সেই বিষয়ে অৱগত নহয় চালমা৷ স্থানীয় লোকৰ অভিযোগ অনুসৰি নিজ স্বামীৰ সৈতে মিলি আঁচনিৰ ধন আত্মসাৎ কৰিছে চালমাই৷ লামডিং উন্নয়ন খণ্ডৰ অন্তৰ্গত নখুটি গাওঁ পঞ্চায়তৰ ভিতৰ চ’ৰাত চলি থকা দুৰ্নীতি তদন্ত কৰি দোষীক উচিত শাস্তি দিয়াৰ লগতে অনাগত দিনত দুৰ্নীতি মুক্ত কৰি গঢ় দি তুলিবলৈ বিভাগীয় কৰ্তৃপক্ষ তথা চৰকাৰৰ ওচৰত স্থানীয় লোকে দাবী উত্থাপন কৰিছে৷