মুকালমুৱা, ২৬ জুলাইঃ নলবাৰীৰ বৰক্ষেত্ৰীৰ দৌলাশালৰ হাইস্কুলত এখন বেংক সজাগতা সভা অনুষ্ঠিত হয়৷ আৰজিভিএনৰ উদ্যোগত আৰু ক্ৰিছিলৰ সহযোগত অনুস্থিত সভাখনত বৰক্ষেত্ৰী সমষ্টিৰ বিশেষকৈ পশ্চিম বৰক্ষেত্ৰীৰ ৬০টা আত্মসহায়ক গোটৰ প্ৰায় চাৰি শতাধিক মহিলা উপস্থিত থাকে৷ আৰজিভিএনৰ মই প্ৰগতি আঁচনিখনৰ জৰিয়তে মহিলাসকলে কিদৰে নিজকে স্বাৱলম্বী কৰিব পাৰে সেই সম্পৰ্কে বিশদ ভাবে ব্যাখ্যা আগবঢ়াই আৰজিভিএনৰ নলবাৰীৰ জিলা সঞ্চালক বীৰেণ দাসে৷ ভাৰতীয় ষ্টেট বেংক দৌলাশাল শাখাৰ পৰিচালকে বেংক সন্দৰ্ভত বিশেষকৈ ঋণ সম্পৰ্কত ভাষণ দিয়ে৷ উক্ত সভাত অসম গ্ৰামীণ বিকাশ বেংক ৰামপুৰ শাখাৰ সহপৰিচালক, এলআইচিৰ হাজো শাখাৰ বিষয়া, ডাকঘৰৰ বিষয়া সকল উপস্থিত থাকি আঁচনিৰ বিভিন্ন দিশৰ সন্দৰ্ভত ভাষণ দিয়ে৷ আৰজিভিএনৰ সঞ্চালকে সদৰি কৰা মতে, কেৱল বৰক্ষেত্ৰী সমষ্টিতে প্ৰায় ৩০ হেজাৰৰো অধিক মহিলাক আৰজিভিএনৰ তৰফৰ পৰা বিশেষ প্ৰশিক্ষণ দিয়া হৈছে৷