নাজিৰা, ২৬ জুলাইঃ অসমীয়া নাট্যমঞ্চক এক নতুন মাত্ৰা প্ৰদান কৰা প্ৰয়াত সাহিত্যিক  অৰুণ শৰ্মাৰ কালজয়ী সৃষ্টি পুৰুষ এক মননশীল আৰু নব্য অভিধাৰখন অফটাছৰ উদ্যোগত নাজিৰাত পৰিবেশন কৰা হয়৷ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক পলাশ প্ৰতীম মেছৰ পৰিচালনাত, অভিজিৎ চুতীয়া আৰু সমুজ্বল বৰাৰ সহ পৰিচালনাত  ক্লাউন আৰ্টৰ জৰিয়তে আৰু চোতাল নাটকৰ ধাৰনাৰে নাটকখন পৰিৱেশন কৰা হয়৷ উল্লেখ্য যে, অফটাছে চলিত বৰ্ষৰ জুলাইত শিৱসাগৰৰ মুঠ চাৰিটা কেন্দ্ৰত দুই শতাধিক যুৱক-যুৱতীক প্ৰশিক্ষণ দিয়ে৷ মাহযোৰা কৰ্মশালাৰ সামৰণিত অফটাছে তিনিদিনীয়া কাৰ্য্যসূচীৰে এখন নাট সমাৰোহ আয়োজন কৰিছে৷ এই নাট সমাৰোহত অহা ২৭ জুলাইত হাহঁচৰা কেন্দ্ৰৰ প্ৰশিক্ষাৰ্থীসকলে পলি ফুকন আৰু নিলাঞ্জনৰ পৰিচালনাত আৰু দ্বিপ্তী মন্তৰ সহযোগত বেলি বিদায় গান আৰু ৰিতুপৰ্ণ দত্ত আৰু গৌৰৱ বৰুৱাৰ পৰিচালনাত সপোনে দিঠকে শীৰ্ষক দুখন নাটক পৰিৱেশন কৰিব৷