নাজিৰা, ২৬ জুলাইঃ শিৱসাগৰৰ নাজিৰাত সঘনাই বিদ্যুৎ কৰ্তনৰ ফলত স্থানীয় লোকে ব্যাপক অসুবিধাৰ সন্মুখীন হৈছে। অঞ্চলটোত ঘণ্টা পিছত ঘণ্টা ধৰি বিদ্যুৎ যোগান ব্যাহত হৈ থকাত সাধাৰণ জনতাৰ লগতে ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছে। গড়গাঁও বিদ্যুৎ সংমণ্ডলৰ অধীনস্থ শিমলুগুৰি, নাজিৰা, বিহুবৰকে ধৰি বহু অঞ্চলত দিনটোৰ অধিকাংশ সময়েই বিদ্যুৎ ব্যাহত হৈছে। বিদ্যুৎ বিভাগক বাৰম্বাৰ অৱগত কৰাৰ পিছতো বিভাগটোৱে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাত স্থানীয় লোকে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে৷  বিশেষকৈ শৈশ নগৰীৰূপে খ্যাত বিহুবৰ অঞ্চলত ঘণ্টা ঘণ্টা ধৰি বিদ্যুৎ ব্যাহত হৈ থকাৰ ফলত শিল ব্যৱসায়ক কেন্দ্র কৰি গঢ় লৈ উঠা শতাধিক শিল ভঙা মেচিন অধিকাংশ সময়েই অচল হৈ পৰিছে। যাৰ ফলত শিল ব্যৱসায়ী সকলে এক বৃহৎ পৰিমাণৰ লোকচানৰ সন্মুখীন হৈ আহিছে। গড়গাঁও সংমণ্ডলত গ্ৰাহক সেৱাৰ বাবে থকা ফোন নম্বৰটো অধিক সময় বন্ধ হৈ থকাত গ্ৰাহকে কোনো ধৰণৰ অভিযোগ দিব নোৱাৰে।  সঘনাই বিদ্যুৎ বিভাগৰ অনিয়মীয়া বিদ্যুৎ যোগান সন্দৰ্ভত অভিযান্ত্ৰিক বিষয়াসকলক সুধিলেও উচ্চ পদস্থ কৰ্তৃপক্ষই সঠিককৈ জানিব  বুলিও গা এৰা মন্তব্যহে দিয়ে৷ আনহাতে বিভাগটোৱে আওপুৰণি লোহাৰ খুঁটা ব্যৱহাৰ কৰাত  নাজিৰা নমাটি অঞ্চলৰ লগতে শিমলুগুৰিত কেবাটাও পশুধনৰ মৃত্যু হৈছে। ইয়াৰ পিছতো অঞ্চলটোত লোহাৰ খুঁটাসমূহ সলনি নকৰাত সৰ্বসাধাৰণ লোক ক্ষোভিত হৈ পৰিছে।