বৰহাট, ১৯ জুনঃ চৰাইদেউৰ অন্তৰ্গত সাপেখাতী উন্নয়ন খণ্ডৰ ২’৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ ঐতিহাসিক মূলাগাভৰু পথটো গড়কাপ্টানি বিভাগৰ চূড়ান্ত গাফিলতিত জহি-খহি নি:শেষ হোৱাৰ উপক্ৰম হৈছে । স্থানীয় লোকে অভিযোগ কৰা মতে পূৰ্বৰ কংগ্ৰেছ চৰকাৰে পোন্ধৰ বছৰীয়া শাসন কালত পথটোৱে উন্নয়নৰ কাৰণে কোনো ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ নকৰিলে। যাৰ কাৰণে দুৰ্গম পথটোৰে দৈনিক সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয়ৰ লগতে ১৪-১৫ খন গাওঁৰ ৰাইজে বৰহাট প্ৰাথমিক চিকিৎসালয়, বৰহাট ৰেলৱে ষ্টেচন, বেংকৰ লগতে ভালে কেইটা অনুষ্ঠান-প্ৰতিষ্ঠানলৈ যাতায়ত কৰিব লগা হৈছে । গড়কাপ্টানি বিভাগৰ অমনোযোগিতাৰ ফলতেই পথটোৰ এনে দুৰাৱস্থা হ’বলৈ পালে বুলি স্থানীয় ৰাইজৰ লগতে জনগোষ্ঠীয় সংগঠন চুম্ হুম্ লিক্ লাই লে ফিঙ্ ঙে ত্তাঈ বৰহাট আঞ্চলিক সমিতয়ে ক্ষোভেৰে মত প্ৰকাশ কৰে । কেৱল মাত্ৰ নিৰ্বাচনৰ পূৰ্বে নেতা-পালিনেতা সকলে জনসাধাৰণক ভুৱা প্ৰতিশ্ৰুতি দি ভোট সংগ্ৰহ কৰি আহিছে। স্থানীয় ৰাইজে চৰকাৰৰ নিষ্কৰ্মা ভূমিকাক কঠোৰ ভাষাৰে ধিক্কাৰ দি অচিৰেই পথটো পকীকৰণ নকৰিলে আগন্তুক পঞ্চায়ত নিৰ্বাচন বৰ্জনৰ হুংকাৰ দিয়ে ।