আজিজ আলী

মুকালমুৱা : অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশত বৰক্ষেত্ৰী ব্লক কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী। কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীক উত্তৰ প্ৰদেশ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ বিৰুদ্ধে কংগ্ৰেছ কৰ্মীৰ প্ৰতিবাদী কাৰ্যসূচী। 

উত্তৰ প্ৰদেশৰ লখিমপুৰৰ খিৰীলৈ যোৱাৰ পথত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীক আৰক্ষীয়ে আটক কৰি পিছত গ্ৰেপ্তাৰ কৰাৰ ঘটনাকলৈ কংগ্ৰেছ কর্মী সকল উত্তৰ প্ৰদেশ চৰকাৰ তথা আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে। সমগ্ৰ দেশৰ লগতে।অসমতো কংগ্ৰেছ কর্মী সকলে প্ৰিয়ংকা গান্ধীৰ গ্ৰেপ্তাৰকলৈ ৰাজপথলৈ ওলাই অহা পৰিলক্ষিত হৈছে।

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিত বৰক্ষেত্ৰী ব্লকৰ কংগ্ৰেছ কর্মী সকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰী কংগ্ৰেছ কৰ্মকর্তা সকলে উত্তৰ প্ৰদেশ আৰক্ষীৰ ভূমিকাত অসন্তুষ্টি প্ৰকাশ কৰে। কংগ্ৰেছ কর্মী সকলে বিভিন্ন প্ৰতিবাদী শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে।

বৰক্ষেত্ৰী ব্লক কংগ্ৰেছৰ সমুহ বিষয়ববীয়া আৰু দলীয় কৰ্মী সকল বৰক্ষেত্ৰী ৰাজীৱ ভৱনৰ পৰা প্ৰতিবাদী সমদল উলিয়াই চক্ৰ বিষয়াৰ কার্যালয়ৰ সন্মুখত উপস্থিত হৈ প্ৰতিবাদ সাব্যস্ত কৰাৰ। উল্লেখ্য যে দেওবাৰে উত্তৰ প্ৰদেশৰ লখিমপুৰৰ খিৰীত কৃষক সকলৰ প্ৰতিবাদী কাৰ্যসূচীত হিংসাত্মক ঘটনা সংঘটিত হৈছিল।

হিংসাত্মক ঘটনাত ৪ জনকৈ কৃষকসহ মুঠ ৮ জনকৈ লোক নিহত হৈছিল। ইয়াৰ পিছতে কৃষক সকলক সাক্ষাৎ কৰিবলৈ খেৰীলৈ যোৱাৰ পথত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীক উত্তৰ প্ৰদেশ আৰক্ষীয়ে আটক কৰিছিল। প্ৰিয়ংকা গান্ধীক উত্তৰ প্ৰদেশ আৰক্ষীয়ে ৩৬ ঘণ্টা ধৰি আটক কৰাৰ পিছত গ্ৰেপ্তাৰ কৰে।