গুৱাহাটী : গুৱাহাটীৰ বৰ্ষাপাৰাত ডকাইতৰ গুলী চালনা। ডকাইতৰ গুলী লাগিল এজনৰ মূৰত। ডকাইতৰ গুলীত গুৰুত্বৰভাৱে আহত লিটন মুজমদাৰ নামৰ লোকজন হায়াত হাস্পতালত চিকিৎসাধীন। ৬ জনীয়া ডকাইতৰ দল আহিছিল ডাষ্টাৰ গাড়ীত।

মহানগৰী গুৱাহাটীৰ বৰ্ষাপাৰাৰ ইটাভাটাত ডকাইতিকাণ্ড সংঘটিত কৰা এটা ৬ জনীয়া ডকাইতৰ দলক আটক কৰিবলৈ গৈ এজন লোক আহত হৈছে। ডকাইতৰ গুলীত আহত হৈছে লিটন মজুমদাৰ নামৰ এজন লোক। লিটন মজুমদাৰৰ মূৰৰ পিছফালে গুলী লাগিছে বুলি জানিব পৰা গৈছে।

ডকাইতৰ গুলীত আহত হোৱা লিটন মজুমদাৰক হায়াত হাস্পতালত ভৰ্তি কৰোৱা হৈছে। ইটাভাটাৰ সাৰদা পথত এজন লোকৰ ঘৰত দিনৰ ভাগত ৬ জনীয়া ডকাইতৰ দল এটা অস্ত্ৰ লৈ প্ৰৱেশ কৰি ডকাইতিকাণ্ড সংঘটিত কৰে। ডকাইতৰ দলটো উভতি যোৱাৰ পথত লিটন মজুমদাৰে ডকাইতৰ দলটোক আটক কৰাৰ চেষ্টা চলাওঁতে ডকাইতৰ দলটোৱে গুলী চালনা কৰে।

এএছ-০১-ডিজে-৯৬০৪ নম্বৰৰ ডাষ্টাৰ বাহন এখনত ৬ জনীয়া ডকাইতৰ দলটো আহিছিল। সাৰদা পথত থকা এজন লোকৰ ঘৰত প্ৰৱেশ কৰি ডকাইতৰ দলটোৱে ঘৰৰ সকলো সোণৰ আ-অলংকাৰ আৰু নগদ ধন লুটি নিয়ে। ডকাইতৰ দলটোৱে ঘৰখনৰ সদস্য সকলকো আক্ৰমণ কৰে। ঘৰখনৰ তিনি গৰাকী যুৱতীকো ডকাইতৰ দলে মাৰধৰ কৰে।

ডকাইতৰ দলটোৰ তিনিজন সদস্যই ঘৰখনৰ ভিতৰত অস্ত্ৰলৈ প্ৰৱেশ কৰি ঘৰৰ দুৱাৰ ভিতৰত পৰা বন্ধ কৰি ডকাইতিকাণ্ড সংঘটিত কৰে। ঘৰখনত থকা সদস্য সকলক বন্ধুক দেখুৱাই সকলোৰে চকুত কাপোৰ বান্ধি ডকাইতৰ দলটোৱে ঘৰখনৰ পৰা সকলো লুটি নিয়ে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। দিনৰ পোহৰতে মহানগৰীৰ মাজমজিয়াত ডকাইতিকাণ্ড সংঘটিত হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।