নিউজ ডেস্ক : কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীক গ্ৰেপ্তাৰ কৰিলে সীতাপুৰ আৰক্ষীয়ে। বিগত ৩৬ ঘণ্টা ধৰি কংগ্ৰেছ নেত্ৰী গৰাকীক আটক কৰি ৰখাৰ পিছত অৱশেষত গ্ৰেপ্তাৰ কৰা হয়। শান্তি ভংগ আৰু ১৪৪ ধাৰা উলংঘা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে প্ৰিয়ংকা গান্ধীক। উত্তৰ প্ৰদেশৰৰ লখিমপুৰ খেৰীত কৃষক সাক্ষাৎ কৰিবলৈ যোৱাৰ সময়ত আটক কৰা হৈছিল কংগ্ৰেছ নেত্ৰী গৰাকীক।

প্ৰিয়ংকা গান্ধীক গ্ৰেপ্তাৰ কৰাৰ কিছু সময় পূৰ্বে কংগ্ৰেছ নেত্ৰী গৰাকীয়ে টুইটৰ লখিমপুৰ খেৰীৰ হিংসাত্মক ঘটনাৰ এটা ভিডিঅ’ আপলোড কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰশ্ন কৰিছিল। প্ৰিয়ংকা গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰশ্ন কৰি কৈছিল যে এই ভিডিঅ’ আপুনি চাইছে নে নাই ? আপোনাৰ চৰকাৰৰ মন্ত্ৰীৰ পুত্ৰই কৃষকক নিজৰ বাহনেৰে মহতিয়াই নিয়া দেখিবলৈ পোৱা গৈছে।

কংগ্ৰেছ নেত্ৰী গৰাকীয়ে লগতে প্ৰধানমন্ত্ৰীক কয় যে এই গৰাকী মন্ত্ৰীক কিয় নিলম্বন কৰা নহ’ল আৰু এইজন যুৱকক কিয় গ্ৰেপ্তাৰ কৰা নহ’ল ইয়াৰ উত্তৰ দেশক দিয়ক। মোৰ দৰে বিৰোধী পক্ষৰ নেতা সকলক আপুনি কোনো ধৰণৰ গোচৰ ৰুজু নোহোৱাকৈ আটক কৰি ৰাখিব পাৰে কিন্তু এইজন যুৱক এতিয়াও কিয় মুকলি আকাশৰ তলত আছে বুলিও প্ৰধানমন্ত্ৰীক প্ৰশ্ন কৰে প্ৰিয়ংকা গান্ধীয়ে।

উল্লেখ্য যে দেওবাৰে উত্তৰ প্ৰদেশৰ লখিমপুৰৰ খেৰীত কৃষক সকলৰ প্ৰতিবাদৰ সময়ত হিংসাত্মক ঘটনা সংঘটিত হৈছিল। ঘটনাত ৪ জন কৃষকৰ লগতে মুঠ ৮ জন লোক নিহত হৈছিল। কেন্দ্ৰীয় মন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰই প্ৰতিবাদকাৰী কৃষক সকলক বাহনেৰে মহতিয়াই নিয়াৰ এক গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে। ঘটনাৰ পিছতে প্ৰিয়ংকা গান্ধী কৃষক সকলক সাক্ষাৎ কৰিবলৈ লখিমপুৰ খেৰীলৈ ৰাওনা হৈছিল।

প্ৰিয়ংকা গান্ধীক সোমবাৰে পুৱা প্ৰায় ৫ বজাত লখিমপুৰ খিৰী পোৱাৰ পূৰ্বাই হাৰগাঁও আৰক্ষীয়ে আটক কৰিছিল। প্ৰিয়ংকা গান্ধীক আটক কৰি আৰক্ষীয়ে সীতাপুৰত ৰাখিছে। উত্তৰ প্ৰদেশত কংগ্ৰেছ কৰ্মকর্তা সকলে প্ৰিয়ংকা গান্ধীক আটক কৰাৰ পিছৰে পৰা প্ৰতিবাদ সাব্যস্ত কৰি আছে। কংগ্ৰেছ কৰ্মকর্তা সকলে অনশন কাৰ্যসূচী অব্যাহত ৰাখিছে।