আমিনুৰ ৰহমানৰ সহযোগত ‌‌প্ৰীতী পাৰিক
শিৱসাগৰ : শেহতীয়া ক’ভিড পৰিস্থিতিকলৈ ৰাজ্য চৰকাৰে ঘোষণা কৰিছে নতুন এছ অ’ পি। ৰাজ্য চৰকাৰে ঘোষণা কৰা নতুন এছ অ’ পি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে। মাঘবিহু উদযাপন বাবে শিথিলতাৰ আহ্বান জনাইছে বিধায়ক অখিল গগৈয়ে।

ৰাজ্যৰ পুনৰ ভয়াবহভাৱে বৃদ্ধি পাবলৈ ধৰিছে ক’ভিডৰ সংক্ৰমণ। ক’ভিডৰ লগতে ক’ভিডৰ নতুন ভেৰিয়েন্ট অমিক্ৰনকলৈ অধিক চিন্তিত হৈ পৰিছে ৰাজ্য চৰকাৰ। ক’ভিড আৰু অমিক্ৰনৰ দ্ৰুত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে ইতিমধ্যে প্ৰতিৰক্ষামূলক ব্যৱস্থা হাতত লৈছে। শুকুৰবাৰে এই সন্দৰ্ভত নতুন এছ অ’ পি ঘোষণা কৰা হৈছে চৰকাৰৰ ফালৰ পৰা।

চৰকাৰে ঘোষণা কৰা নতুন এছ অ’পি অনুসৰি অসমীয়ৰ হিয়াৰ আমঠু মাঘবিহু উদযাপনতো কিছু বাধা-নিষেধ আৰোপ কৰা হৈছে। ইয়াকে লৈ সৰৱ হৈ পৰিছে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ। শিৱসাগৰত অনুষ্ঠিত হোৱা ৰাইজৰ দলৰ প্ৰথম প্ৰতিষ্ঠা দিৱসৰ মঞ্চৰ পৰা বিধায়ক গৰাকীয়ে অসমৰ মুখ্যমন্ত্ৰীক মাঘবিহু উদযাপনত আৰোপ কৰা বাধা উঠাই ল’বলৈ আহ্বান জনাইছে।

শিৱসাগৰৰ বিধায়ক গৰাকীয়ে কয় যে যি সময়ত পূজা হৈছে, বছৰৰ শেষ দিন উদযাপন হৈছে, নতুন বছৰ হৈছে, মেল-মিটিং হৈছে, নিৰ্বাচন হৈছে সেই সময়ত কিন্তু চৰকাৰে মাঘবিহু উদযাপনত আৰোপ কৰিছে বাধাৰ। চলিত মাহত দেউৰী স্বায়ত্ত শাসন আৰু ঠেঙাল কছাৰী স্বায়ত্ত শাসনৰ নিৰ্বাচন আছে।হয়তো পৌৰ-নিকায় সমূহৰ নিৰ্বাচনো অনুষ্ঠিত হ’ব, কিন্তু অসম চৰকাৰে এতিয়া কেৱল মাত্ৰ মাঘবিহু উদযাপনতহে বাধা প্ৰদান কৰিছে। অসমৰ ৰাইজক চৰকাৰৰ সিদ্ধান্ত উঠাই ল’বলৈ দাবী জনাবলৈ আহ্বান জনাইছে বিধায়ক অখিল গগৈয়ে।