অনলাইন ডেস্ক, ২৯ মেঃ বংগোপ সাগৰত সৃষ্টি হোৱা ‘মৰা’  ঘূৰ্ণিবতাহ ভাৰত আৰু বাংলাদেশৰ ফালে অগ্ৰসৰ হৈছে। আগন্তুক ১২ পৰা ১৮ ঘণ্টাৰ ভিতৰত ‘মৰা’ই বাংলাদেশৰ চিত্তাগাঁৱত প্ৰৱেশ কৰিব। বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে ‘মৰা’ই বাংলাদেশত প্ৰৱেশ কৰাত অসমকে ধৰি মেঘালয়, মিজোৰাম, মণিপুৰ, নাগালেণ্ড, ত্ৰিপুৰা, অৰুণাচল প্ৰদেশ আৰু পশ্চিম বংগত প্ৰৱল বৃষ্টিপাত হোৱাৰ সম্ভৱনা আছে। বৰ্তমান পশ্চিম বংগৰ ৰাজধানী কলকাতাৰ পৰা ৭২০ কিলোমিটাৰ দূৰত্বত বংগোপ সাগৰত অৱস্থান গ্ৰহণ কৰা ‘মৰা’ই ভয়ংকৰ ঘূৰ্ণিবতাহৰ ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে। ‘মৰা’ আগমনত অসমত ঘণ্টাত ৪৫ পৰা ৬৫ কিলোমিটাৰ বেগত বতাহ বলাৰ লগতে প্ৰৱল বৃষ্টিপাত হ’ব। সমুদ্ৰ উত্তাল হৈ পৰাৰ আশংকা ব্যক্ত কৰি বতৰ বিজ্ঞান কেন্দ্ৰই মাছমৰীয়া সকলক সমুদ্ৰৰ পৰা দূৰৈত থাকিবলৈ পৰামৰ্শ দিছে। ইতিমধ্যে বংগোপ সাগৰত মাছমৰীয়াৰ প্ৰৱেশ নিষিদ্ধ কৰাৰ লগতে বৰ্তমান সমুদ্ৰত থকা মাছমৰীয়া সকলক উভতি আহিবলৈ জাননী প্ৰেৰণ কৰা হৈছে।