বিলাসীপাৰা, সংবাদ ৩৬৫, ২৫ জুলাই : বিলাসীপাৰা হাকামা হিন্দুস্তান পেট্ৰলিয়ামত কেন, ও ,পিৰ কৰ্মৰত মিস্ত্ৰী মুজাফফৰ পুৰ জিলাৰ অন্তৰ্গত উত্তৰ প্ৰদেশৰ আদিল নামৰ ১৯ বছৰীয়া যুৱক এজনে আজি দুপৰীয়াৰ সময়ত প্ৰচণ্ড গৰমৰ তাপৰ ফলত গা ধুবলৈ গৈ কাল্ পাটৰ পৰা পানীত জপিয়াঁই আজি সন্ধানহীন হৈ পৰে।

উল্লেখযোগ্য যে অসমৰ বোড মেন তথা ডুবাৰুৱে উপস্থিত হৈ মৃত্যুদেহটোৰ অভিযান চলাই বিয়লি ৫ টা মান বজাত আদিল নামৰ যুৱক জনৰ মৃত্যুদেহটো উদ্ধাৰ কৰি, বিলাসীপাৰা আৰক্ষী নিৱেশলৈ লৈ যায় বুলি জানিব পৰা গৈছে।