বৰপেটা, সংবাদ ৩৬৫, ৩ আগষ্ট : হাফিজুৰ ৰহমান নামৰ মইনবড়িৰ সাংবাদিকৰ বিৰুদ্ধে কালি সন্ধিয়া কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ ছামছুল আলমে সংবাদ মেল আয়োজন কৰে।

সাংবাদিক গৰাকীয়ে বাতৰি পৰিৱেশন নকৰি অধীক্ষক গৰাকী আৰু চিকিৎসালয়ৰ বিৰুদ্ধে কিছুমান ভুৱা অভিযোগ কৰি সামাজিক মাধ্যম ফেচবুকত পোষ্ট কৰাৰ লগতে অধীক্ষক গৰাকীয়ে হিন্দু চিকিৎসক-কৰ্মচাৰীক বৈষম্যমূলক আচৰণ কৰাৰ লগতে হাৰাশাস্তি কৰে আৰু মুছলমান চিকিৎসক-কৰ্মচাৰীক ৰেহাই দিয়া বুলি স্বাস্থ্য মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক অভিযোগ দিয়ে।

সাংবাদিক গৰাকীয়ে অনা অভিযোগ সম্পূৰ্ণৰূপে মিছা বুলি ডাঃ আলমে দাবী কৰাৰ লগতে কৰ্মচাৰী সকলেও এই অভিযোগ মিছা বুলি সাংবাদিকৰ আগত ব্যক্ত কৰে। এই সম্পৰ্কে দোস্ত হাফিজুৰ ৰহমানৰ বিৰুদ্ধে থানাত গোচৰ দিছে বুলিও সাংবাদিকক জানিবলৈ দিয়ে।

ইফালে চিকিৎসালয়খনত ছিজাৰীয়ানৰ নামত ৰোগীৰ অভিভাৱকৰ পৰা ধন সংগ্ৰহ আৰু চিকিৎসালয়ত চলা দালালৰাজ সম্পৰ্কে প্ৰশ্ন কৰাত এই ধৰণৰ ঘটনা চিকিৎসালয়ত চলে বুলি পাকে প্ৰকান্তৰে স্বীকাৰ কৰে। এইখন চিকিৎসালয়ত সকলো বিনামূলীয়া যদিও কোনোবাই কোনো কাৰণতে টকা বিচাৰিলে অধীক্ষকৰ লগত যোগাযোগ কৰিবলৈ অনুৰোধ জনায়।