জনীয়া, সংবাদ ৩৬৫, ৩ আগষ্ট: ৰাজ্যৰ ৬৬৩০ গৰাকী ঠিকা ভিত্তিক শিক্ষকে নিজৰ নিজৰ এলেকাত প্ৰতিবাদ সাব্যস্ত কৰাৰ ফলত এক প্ৰকাৰ ব্যাহত হৈ পৰিছে পাঠদান কাৰ্যসূচী ।

কলগাছিয়াৰ অধিকাংশ বিদ্যালয়ত শিক্ষকৰ নাটনি হৈ থকাৰ সময়ত ঠিকাভিত্তিক শিক্ষকৰ শ্ৰেণী বৰ্জন কাৰ্যসূচীয়ে বিদ্যালয় সমূহত ভূতৰ ওপৰত দানহ পৰা দি সমস্যাৰ সৃষ্টি কৰিছে । ফলত বিদ্যালয় সমূহৰ পাঠদান একপ্ৰকাৰ স্তব্ধ হৈ পৰিছে।

উল্লেখ্য যে সমগ্ৰ অসমৰ লগতে বৰপেটা জিলাৰ বালিকুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ১৭ গৰাকী গুৰুত্বপূৰ্ণ বিভাগৰ শিক্ষকৰ পদ খালী হৈ আছে যদিও এনেক্ষেত্ৰত তিনিগৰাকীকৈ ঠিকাভিত্তিক শিক্ষকে হাতত প্লেকাৰ্ড লৈ শ্ৰেণী বৰ্জন কৰাত চৰম সমস্যাৰ সন্মুখীন হৈছে ছাত্ৰ-ছাত্ৰীৰ লগতে বিদ্যালয় কতৃপক্ষই । সেয়ে শীঘ্ৰে ঠিকাভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ কৰাৰ লগতে তেওঁলোকৰ দাবী পূৰণ কৰি শৈক্ষিক পৰিৱেশ ঘূৰাই আনিবলৈ অধ্যক্ষৰ লগতে ছাত্ৰ সকলেও দাবী জনাইছে।