দক্ষিণ কামৰূপ, সংবাদ ৩৬৫, ৩ আগষ্ট : দক্ষিণ কামৰূপৰ বাথা নৈত ভৰি ধুবলৈ গৈ পিছলি পৰিল এজন যুৱক । শুকুৰবাৰৰ পৰা বৰ্তমানলৈ সন্ধানহীন যুৱকজন । নুনমাটিৰ আৰু মধঘড়ীয়াৰ পৰা ফুৰিবলৈ আহিছিল দক্ষিণ কামৰূপৰ লোহাৰঘাট বাতাবাৰীলৈ বুলি ফুৰিবলৈ আহিছিল দুজন ভাই-ভনীৰ লগতে এজন যুৱক । ৰবি কুমাৰী,বিনাশ কুমাৰ আৰু স্বৰূপ সুত্ৰধৰ নামৰ যুৱক-যুৱতী কেইজন ।

বাথা নৈ খন দেখি ভৰি ধুবলৈ বুলি আটাইকেইজন নামি গৈছিল নৈৰ কাষলৈ কিন্তু দুৰ্ভাগ্যবসত স্বৰূপ সুত্ৰধৰ নামৰ মহানগৰীৰ মধঘড়ীয়াৰ যুৱকজন পিছলি পৰে বাথা নৈত । তাৰপিছতে বাথা নৈৰ সোতে উটুৱাই নিয়ে যুৱকজনক ।

ঘটনা সন্দৰ্ভত আৰক্ষী আৰু এছ ডি আৰ এফ বাহিনীক খবৰ দিয়াত ঘটনাস্থলীত এছ ডি আৰ এফ বাহিনী উপস্থিত হৈ অভিযান চলাই আছে যদিও বৰ্তমানলৈ কোনো শু-সুত্ৰ পোৱা নাই যুৱকজনৰ ।