বৰপেটা, সংবাদ ৩৬৫, ১৭ ছেপ্টেম্বৰ : শেহতীয়াকৈ বৰপেটা জিলাৰ তাৰাবাৰী থানাৰ অন্তৰ্গত বহৰিৰ ধৰ্মেন্দ্ৰ মেধি নামৰ এজন টেট শিক্ষকে আত্মহত্যা কৰাক কেন্দ্ৰ কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শিক্ষক সমাজে। সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ কেন্দ্ৰীয় সমিতি, বৰপেটা জিলা সমিতি আৰু কেইবাখনো খণ্ড সমিতিৰ বিষয়ববীয়াৰ লগতে চেঙা শিক্ষাখণ্ডৰ অধীনত কৰ্মৰত যথেষ্ট সংখ্যক টেট শিক্ষকে প্ৰয়াত ধৰ্মেন্দ্ৰ মেধিৰ পৰিয়ালত উপস্থিত হৈ শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।

উল্লেখযোগ্য যে পৰিয়ালৰ একমাত্ৰ পুত্ৰৰ মৃত্যুত শোকত ভাগি পৰা মাকে কান্দি কান্দি কয় যে, চৰকাৰৰ প্ৰৱঞ্চনা আৰু শেহতীয়াভাৱে শিক্ষামন্ত্ৰীৰ কিছুমান তুচ্ছ-তাচ্ছিল্য মন্তব্যই টেট শিক্ষক ধৰ্মেন্দ্ৰ মেধিক মানসিকভাৱে কষ্ট দিছিল। লগতে পৰিয়ালৰ সদস্যসকলে কয় যে মেধিৰ এই মৃত্যু যাতে কোনো কাৰণতে অথলে নাযায়।

ধৰ্মেন্দ্ৰ মেধিৰ পৰিয়াললৈ যোৱা সঁজাতি দলত উপস্থিত থকা সদৌ অসম প্ৰাথমিক টেট্ উত্তীৰ্ণ শিক্ষক সমাজৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ত্ৰৈলোক্য ডেকা আৰু সাধাৰণ সম্পাদক মিৰাজুল ৰছিদে কয় যে- ৰাজ্যৰ ৪১০০০ ঠিকাভিত্তিক শিক্ষকসকলে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত নিষ্ঠাৰে শিক্ষা দান কৰাৰ লগতে নিৰ্বাচন, এন আৰ চি লোকপিয়ল আদিৰ দৰে কিছুমান গুৰুত্বপূৰ্ণ কাম অতি নিয়াৰিকৈ কৰি আহিছে। তেনে স্থলত কৰ্মৰত ঠিকাভিত্তিক শিক্ষকসকলক বঞ্চিত কৰি নিয়মীয়াকৰণৰ ব্যৱস্থা নকৰাটো অতি দুখৰ বিষয় আৰু এই কাৰণেই আজি এজন শিক্ষকে প্ৰাণ দিব লগা হ’ল।

সভাপতি আৰু সম্পাদকে ইয়াকো ব্যক্ত কৰে যে সম্পূৰ্ণ স্বচ্ছ আৰু নিকা পদ্ধতিৰে নিযুক্তি পোৱা এই শিক্ষকসকলৰ চাকৰি কোনো কাৰণতেই বাদ নাযায়। কোনেও এই ঠিকাভিত্তিক শিক্ষকসকলক চাকৰিৰ পৰা আঁতৰাই ৰাখিব নোৱাৰিব। এই বিষয়ে কোনেও ইমানকৈ শংকিত হোৱাৰ প্ৰয়োজন নাই। আজি সংগঠনটোৱে যুঁজি আছে শিক্ষকসকলৰ নামৰ আগত থকা “ঠিকাভিত্তিক” বিশেষণটো আঁতৰ কৰিবলৈ। অসমৰ সকলো ঠিকা ভিত্তিক শিক্ষক সকলৰ চাকৰি বিনাচৰ্ত্তে বেতন সুৰক্ষাসহ নিয়মীয়াকৰণ কৰাটোৱেই সংগঠনবোৰ একমাত্ৰ দাবী। নতুন টেট্ পৰীক্ষাৰ দুশ্চিন্তাত ধৰ্মেন্দ্ৰ মেধিয়ে চিৰদিনৰ বাবে গুচি গ’ল, কিন্তু যাতে ভবিষ্যতে এনে ঘটনাৰ পুনৰাবৃত্তি নহয় তাৰ বাবে শিক্ষক সমাজৰ নেতৃত্বই জনাই যে, কৰ্মৰত ঠিকাভিত্তিক শিক্ষকসকলে নতুনকৈ টেট্ দিয়াটো বাধ্যতামূলক নহয়।

মেধিৰ বাসভৱনত উপস্থিত সমিতিৰ গৰিষ্ঠসংখ্যক সদস্যই নতুনকৈ একে পৰ্যায়ৰ টেট্ নিদিয়াৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হয়। কৰ্মৰত শিক্ষকসকলে পুনৰ টেট্ দিব লাগিব বুলি কোনো বাধ্য নহয়। গতিকে টেট্ নিদিলে চাকৰি যাব বুলি কোনেও ভুল ধাৰণা মনলৈ আনিব নালাগে বুলিও আহ্বান জনায়।