গুৱাহাটী, সংবাদ ৩৬৫, ১৭ ছেপ্টেম্বৰ : মাত্ৰ ১০ মিনিটৰ এজাক বৰষুণতে পুনৰ বুৰ গল মহানগৰী । অৱশ্যে এইয়া কোনো নতুন কথা নহয় । প্ৰতিজাক বৰষুণতেই বুৰ যায় মহানগৰীৰ ৰাজপথ, অলি-গলি ।

মহানগৰীৰ এই কৃত্ৰিম বান ৰোধৰ বাবে মে’ মাহতে কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ লগতে বিভাগ সমূহে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছিল যদিও সেইয়া ফুটুকাৰ ফেনহে হ’ল ।

প্ৰতিজাক বানপানীতেই মহানগৰীৰ অনিল নগৰ, নবীন নগৰ, জুৰোড, গীতানগৰ, ৰাজগড়, ভঙাগড় আদি অঞ্চল কৃত্ৰিম বানপানীত বুৰ যায়। যাৰ ফলত সৃষ্টি হয় যান-যঁটৰো । এই কৃত্ৰিম বানপানীয়েই যেন অভিজাত মহানগৰীৰ কোনোবাখিনিত গৰ্ব চূৰ্ণ কৰে ।

উল্লেখযোগ্য যে ২০১৬ চনৰ বিধান সভা নিৰ্বাচনত বিজেপি দলে গুৱাহাটীত আটক ধুনীয়া কৰাৰ লগতে কৃত্ৰিম বানৰ পৰা মুক্ত কৰাৰ আশ্বাস দিছিল। ইয়াৰোপৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশৰ কেইবাখনো চহৰৰ লগতে গুৱাহাটী মহানগৰীক স্মাৰ্ট চিটি হিচাপে গঢ়ি তুলিবলৈ সংকল্প গ্ৰহণ কৰিছিল। পাছে প্ৰধানমন্ত্ৰী গৰাকীৰ গুৱাহাটী মহানগৰীক স্মাৰ্ট চিটি গঢ়ি তোলাৰ সংকল্প সংকল্প হৈয়েই থাকিল । যেন ব্যৰ্থ হৈছে মহানগৰীক স্মাৰ্ট চিটি বনোৱাত ।