আজিজ আলী
মুকালমুৱা : বৰক্ষেত্ৰীত কংগ্ৰেছৰ বৃহৎ প্ৰতিবাদী কাৰ্যসূচী। গাৰকাপ্তানি বিভাগৰ সহকাৰী কার্যবাহী অভিযন্তাৰ কাৰ্যালয় স্থানান্তৰ কৰাৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ। বিজেপি চৰকাৰ বিৰোধী শ্ল’গানেৰে উত্তাল প্ৰতিবাদস্থলী।

নলবাৰী জিলাৰ বৰক্ষেত্ৰী ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত সোমবাৰে মুকালমুৱাত এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হয়।
মুকালমুৱাস্থিত গাৰকাপ্তানি বিভাগৰ সহকাৰী কার্যবাহী অভিযন্তাৰ কাৰ্যালয় চামতালৈ স্থানান্তৰ কৰাৰ প্ৰতিবাদত ২ ঘন্টাজোৰা অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে কংগ্ৰেছে।

বৰক্ষেত্ৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত ৰাতিপুৱা ১০ বজাৰ পৰা দিনৰ ১২ বজালৈ এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে বৰক্ষেত্ৰী কংগ্ৰেছ কমিটিয়ে। প্ৰতিবাদকাৰীসকলে বিজেপি চৰকাৰ হায় হায়, বিজেপি চৰকাৰৰ ষড়যন্ত্ৰ নচলিব আদি শ্ল’গানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে।

বৰক্ষেত্ৰী ব্লক কংগ্ৰেছৰ সভাপতি আব্দুল মজিদ, সাধাৰণ সম্পাদক সাধুল্লা আলী, বৰক্ষেত্ৰী ব্লক কংগ্ৰেছৰ সাধাৰণ সম্পাদক আছিছ কুমাৰ আহমেদ, নিচান আলী, মহিলা মণ্ডল সভানেত্ৰী ৰিটামণি বড়ো প্ৰমুখ্যে কংগ্ৰেছৰ বহু নেতা-কৰ্মীৰ লগতে স্থানীয় ৰাইজে এই প্ৰতিবাদত অংশগ্ৰহণ কৰে। কোনো কাৰণতে গাৰকাপ্তানি বিভাগৰ সহকাৰী কার্যবাহী অভিযন্তাৰ কাৰ্যালয় চামতালৈ স্থানান্তৰ কৰিবলৈ দিয়া নহ’ব বুলিও হুংকাৰ দিয়ে প্ৰতিবাদকাৰী সকলে।