চিৰাং : গছৰ ওপৰত এটা প্ৰকাণ্ড ভালুক। ভালুকটোক চাবলৈ ৰাইজৰ ভিৰ। বন বিভাগে চলাইছে উদ্ধাৰ অভিযান কিন্তু ভালুক নামি নাহে গছৰ পৰা। ভাৰত-ভূটান সীমান্তত পুনৰ জনাঞ্চলত প্ৰৱেশ এটা প্ৰকাণ্ড ভালুকৰ।

চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ আমটেকা আনন্দ বজাৰত এটা প্ৰকাণ্ড ভালুকৰ প্ৰৱেশ। মানাহৰ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ভালুকটো ওলাই আহি জনাঞ্চলত প্ৰৱেশ কৰি গছৰ ওপৰত আশ্ৰয় লয়। ভালুকটোক চাবলৈ গছৰ তলত বহু লোকে ভিৰ কৰা দেখিবলৈ পোৱা যায়।

গছৰ ওপৰত ভালুক দেখি স্থানীয় ৰাইজে বন বিভাগকক খবৰ দিয়াত ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ ভালুকটোক উদ্ধাৰ কৰাৰ চেষ্টা চলায়। বন বিভাগ আৰু স্থানীয় ৰাইজে বহু চেষ্টা চলাইও ভালুকটোক গছৰ পৰা নমাই আনিবলৈ সক্ষম নহয়।

বন বিভাগে ট্ৰেংকুলাইজ কৰিবলৈ প্ৰচেষ্টা চলায় যদিও সক্ষম নহয়। উল্লেখ্য যে কিছুদিন পূৰ্বে চিৰাং জিলাৰ কুকলুং দংশীয়াপাৰাত এটা প্ৰকাণ্ড ভালুক আটক কৰিছিল বন বিভাগে। মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা ভালুকটোক বন বিভাগে পাঁচ দিন ধৰি অভিযান চলাই জালত পেলাবলৈ সক্ষম হৈছিল।