মুকালমুৱা : গোহালি ঘৰত নলক বৰো প্লাচ ক্ৰীমৰ কাৰখানা। অমিনগাঁৱৰ ইমামী কোম্পানীৰ পৰা ক্ৰীম ক্ৰয় কৰি আনি গোহালি ঘৰত পুৰণি বৰো প্লাচ ক্ৰীমৰ টিউবত ভৰাই মেলি দিয়া হৈছিল বজাৰত। শনিবাৰৰ দিনটো বেয়া আছিল নকল বৰো প্লাচ ক্ৰীমৰ কাৰখানা স্বত্বাধিকাৰী কহিনুৰ আলীৰ।

মুকালমুৱা আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই নকল বৰো প্লাচ ক্ৰীম বনোৱা কাৰখানা উৎসাত কৰে। আৰক্ষীয়ে অভিযান চলাই কাৰখানাটোৰ পৰা ৩ হাজাৰ নকল বৰো প্লাচ ক্ৰীম জব্দ কৰাৰ লগতে নকল বৰো প্লাচ ক্ৰীম বনোৱা বিভিন্ন সামগ্ৰী জব্দ কৰে।

নলবাৰী জিলাৰ মুকালমুৱা থানাৰ অন্তৰ্গত নাৰায়ণপুৰত শনিবাৰে কহিনুৰ আলী নামৰ এজন লোকৰ গোহালি ঘৰত অভিযান চলাই আৰক্ষীয়ে নকল বৰো প্লাচ ক্ৰীমৰ কাৰখানা উৎসাত কৰাৰ লগতে কহিনুৰ আলীক গ্ৰেপ্তাৰ কৰে। নলবাৰী জিলাৰ আৰক্ষী অধীক্ষক, অতিৰিক্ত আৰক্ষী অধীক্ষক অনিন্দিতা গগৈ আৰু মুকালমুৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সীমান্ত বৰাৰ নেতৃত্বত চলিছিল এই অভিযান।

আৰক্ষীয়ে অভিযানত জব্দ কৰা বৰো প্লাচ ক্ৰীমখিনিৰ বজাৰ মূল্য প্ৰায় ১ লাখ ২০ হেজাৰ টকা হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। ধৃত কহিনুৰ আলীয়ে অমিনগাঁৱৰ ইমামী কোম্পানীৰ পৰা ক্ৰীম ক্ৰয় কৰি আনি গোহালি ঘৰত পুৰণি বৰো প্লাচ ক্ৰীমৰ টিউবত ভৰাই বজাৰত বিক্ৰী কৰি আহিছিল বুলি আৰক্ষীৰ জেৰাত স্বীকাৰ কৰে কহিনুৰ আলী।