কৰিমগঞ্জ : পূৰ্বৰ অভিলেখ ভংগ কৰি কৰিমগঞ্জত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ। শনিবাৰে ড্ৰাগছ বিৰোধী অভিযান চলাই কৰিমগঞ্জ আৰক্ষীয়ে বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয়। পৃথক পৃথক অভিযান চলাই কৰিমগঞ্জ আৰক্ষীয়ে ২ লাখ ৫৯ হাজাৰ ২০০ টা নিচাজাতীয় য়াবা টেবলেট আৰু ৪৬ টা চাবোনৰ বাকচত ৬০৫ গ্ৰাম হেৰ’ইন জব্দ কৰে। 

অসম আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰি ড্ৰাগছ বিৰোধী অভিযান অব্যাহত ৰাখিছে। ইতিমধ্যে ৰাজ্যজুৰি চলোৱা অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানে ড্ৰাগছ ব্যৱসায়ী সকলৰ কঁকাল ভাঙি পেলাইছে। অসম আৰক্ষীৰ এটাৰ পিছত আনটো সাফল্যৰ ফলত  অসমৰ মাজৰে ড্ৰাগছ সৰবৰাহ কৰাটো একপ্ৰকাৰ অসম্ভৱ হৈ উঠিছে।

ড্ৰাগছ সৰবৰাহকাৰী সকলৰ বাবে অসমৰ মাজেৰে ড্ৰাগছ সৰবৰাহ কৰাটো অসম্ভৱ হৈ উঠিছে যদিও ড্ৰাগছ সৰবৰাহকাৰী সকলে নতুন নতুন কৌশল অৱলম্বন কৰি ড্ৰাগছৰ অবৈধ বেহা চলাই নিয়াৰ চেষ্টা চলাই আছে। অসমৰ ভূমি ড্ৰাগছ সৰবৰাহৰ বাবে কোনো কাৰণতে ব্যৱহাৰ কৰিবলৈ দিয়া নহ’ব, এই সংকল্পৰে প্ৰতিদিনে আৰক্ষীয়ে ড্ৰাগছ জব্দ কৰাৰ লগতে ড্ৰাগছ সৰবৰাহকাৰীক জালত পেলাই আছে।

অসম আৰক্ষীয়ে বৰ্তমানলৈকে ড্ৰাগছ বিৰোধী অভিযানত লাভ কৰা সকলো সাফল্যৰ অভিলেখ ভংগ হয়। কৰিমগঞ্জ আৰক্ষীয়ে শনিবাৰে লাভ কৰা এক সাফল্য বৰ্তমানলৈকে অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানৰ সবাতোকৈ বৃহৎ সাফল্য হিচাপৰ পৰিগণিত হৈছে। নিচাজাতীয় য়াবা টেবলেট জব্দ কৰাৰ ক্ষেত্ৰত কৰিমগঞ্জ আৰক্ষীয়ে অন্য সকলো জিলাৰ আৰক্ষীক পিছ পেলাই বৃহৎ পৰিমাণৰ নিচাজাতীয় য়াবা টেবলেট জব্দ কৰিছে।

সীমান্ত সুৰক্ষা বাহিনীৰ আৰু কৰিমগঞ্জৰ নীলিমবজাৰ আৰক্ষীয়ে এক যৌথ অভিযান চলাই ২ লাখ ৫৯ হাজাৰ ২০০ টা নিচাজাতীয় য়াবা টেবলেট জব্দ কৰিছে। নীলিম বজাৰৰ পূব বলিয়াত মাটিৰ তলত পুতি থোৱা এই বৃহৎ পৰিমাণৰ নিচাজাতীয় য়াবা টেবলেট জব্দ কৰে অভিযানকাৰী দলটোৱে। জব্দকৃত টেবলেটখিনিৰ মূল্য প্ৰয়া ৮ কোটি টকা হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

ৰাজ্যত পূৰ্বেও বৃহৎ পৰিমাণৰ নিচাজাতীয় য়াবা টেবলেট জব্দ হৈছিল যদিও ইয়াৰ পুর্বে ইমান বৃহৎ সংখ্যক য়াবা টেবলেট জব্দ হোৱা নাছিল। আনহাতে শনিবাৰে সীমান্ত সুৰক্ষা বাহিনী আৰু ৰাতাবাৰী আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই ৬০৫ গ্ৰাম হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হয়। নিভিয়া বজাৰ অঞ্চলত অভিযান চলাই ৪৬ টা চাবোনৰ বাকচত এই বৃহৎ পৰিমাণৰ হেৰ’ইনখিনি জব্দ কৰাৰ লগতে তিনিজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে অভিযানকাৰী দলটোৱে।