আজিজ আলী

নলবাৰী : নলবাৰীৰ আল্লিয়া বনগাঁৱত ভালুকৰ সন্ত্ৰাস। বাক্সা, বৰপেটা আৰু চিৰাংৰ পিছত এইবাৰ নলবাৰীত ওলাইছে ভালুক। ভালুক ওলোৱাৰ খবৰ পাই আতংকিত হৈ পৰিছে আল্লিয়া বনগাঁৱৰ ৰাইজ। ভালুকটোক বিছাৰি বন বিভাগে আৰম্ভ কৰিছে অভিযান। 

ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে বন্যপ্ৰাণী আৰু মানুহৰ মাজত সংঘাত। উজনি পৰা নামনি লৈ কেইবাখনো জিলাত ক্ৰমাৎ ভয়াবহ ৰূপ ধাৰণ কৰিছে হাতী আৰু মানুহৰ মাজত সংঘাত। হাতী আৰু মানুহৰ সংঘাতৰ ফলত ইতিমধ্যে প্ৰাণ হেৰুৱাইছে বহু লোকে।

ৰাজ্যত হাতী আৰু মানুহৰ সংঘাত অব্যাহত থকাৰ মাজতে বিগত কিছুদিন ধৰি বৃদ্ধি পাইছে ভালুকৰ সন্ত্ৰাস। বাক্সা আৰু চিৰাং জিলাৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ গাঁও সমূহত ভালুকৰ উপদ্ৰৱ দিনক দিনে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। ইতিমধ্যে জনাঞ্চললৈ ওলাই আহ কেইবাটাও ভালুক বন বিভাগে পিঞ্জৰাবদ্ধ কৰিছে।

ইয়াৰ মাজতে কিছুদিন পূৰ্বে বৰপেটা জিলাত সন্ত্ৰাসৰ সৃষ্টি কৰিছিল এটা ভালুকে। বৰপেটাৰ পিছত এইবাৰ ভালুকৰ সন্ত্ৰাস নালবাৰী জিলাত। বুধবাৰে এজন  যুৱকে আল্লিয়া বনগাঁৱৰ ঘন জংঘলত ভালুক এটা দেখা পোৱাৰ পিছতে সমগ্ৰ গাঁওখনতে সৃষ্টি হৈছে আতংকৰ।

গাঁৱৰ ৰাইজে বন বিভাগক ভালুক ওলোৱাৰ খবৰ দিয়াত বন বিভাগৰ এটা দল আহি উপস্থিত হৈছে উক্ত অঞ্চলটোত। বন বিভাগে ভালুক বিচাৰি অভিযান আৰম্ভ কৰিছে যদিও বৰ্তমানলৈ ভালুকটোৰ কোনো শুংসূত্ৰ পোৱা নাই। জংঘলৰ মাজত ভালুকৰ ভৰিৰ খোজ পোৱা বুলিও জানিব পৰা গৈছে।

স্থানীয় ৰাইজে জংঘলৰ মাজত ভালুকটোৰ ভৰিৰ খোজ প্ৰত্যক্ষ কৰা বুলি সন্দেহ প্ৰকাশ কৰাৰ পিছতে ৰাইজৰ মাজত আতংকৰ সৃষ্টি হৈছে। বন বিভাগে নদীৰ  পাৰত প্ৰত্যক্ষ কৰা ভৰিৰ খোজটো ভালুকৰ নে আন জন্তুৰ এই সম্পৰ্কে এতিয়ালৈকে নিশ্চিত হোৱা নাই। বন বিভাগে ভালুকটোক পিঞ্জৰাবদ্ধ কৰাৰ অভিযান অব্যাহত ৰাখিছে।