মৰিয়ানি : চাহ বাগিচাত কাম কৰি থকা অৱস্থাতে এগৰাকী যুৱতীক নাহৰফুটুকী বাঘৰ আক্ৰমণ। নাহৰফুটুকী বাঘৰ আক্ৰমণত গুৰুত্বৰভাৱে আহত ৰিজুমনি গগৈ নামৰ যুৱতী গৰাকী। আহত সকলক চিকিৎসালয়লৈ প্ৰেৰণ।

যোৰহাট জিলাৰ মৰিয়ানিত নাহৰফুটুকী বাঘৰ আতংক। মৰিয়নিৰ তিৰুৱালত বাঘৰ আতংক। বাঘৰ আক্ৰমণত আহত হৈছে ৰিজুমনি গগৈ নামৰ এগৰাকী যুৱতী। তিৰুৱালৰ এখন ক্ষুদ্ৰ চাহ বাগিচাত বিচৰণ কৰি আছে প্ৰকাণ্ড নাহৰফুতুকী বাঘটো।

নাহৰফুটুকী বাঘটোৰ আক্ৰমণত ৰিজুমনি গগৈ নামৰ যুৱতী গৰাকীৰ লগতে আন দুজন লোকো আহত হৈছে। তিৰুৱালৰ বুবুল গগৈ নামৰ এজন লোকৰ ক্ষুদ্ৰ চাহ বাগিচাত সোমাই আছে নাহৰফুটুকী বাঘটো। ৰিজুমনি গগৈ নামৰ যুৱতী গৰাকী চাহ বাগিচাত কাম কৰি থকা অৱস্থাতে নাহৰফুটুকী বাঘটো যুৱতী গৰাকীৰ ওপৰত আক্ৰমণ কৰে।

ৰিজুমনি গগৈ নামৰ যুৱতী গৰাকীক নাহৰফুটুকী বাঘটোৱে আক্ৰমণ কৰাত সঞ্জীৱ নায়ক নামৰ এজন লোকে নাহৰফুটুকী বাঘটোক খেদিবলৈ যাওঁতে আহত হয়। আহত সকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। বন বিভাগ আৰু আৰক্ষীৰ লোক উপস্থিত হৈছে ঘটনাস্থলীত।