নিউজ ডেস্ক : হেলিকপ্টাৰ দুর্ঘটনাত নিহত ভাৰতৰ চীফ অব ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱট। পত্নীসহ ভাৰতৰ চীফ অব ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱটৰ মৃত্যু হোৱা বুলি ভাৰতীয় বায়ু সেনাই আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে। ১৪ জন ভিতৰত ১৩ জনৰে মৃত্যু।

ভাৰতীয় সেনাৰ এখন হেলিকপ্টাৰ দুর্ঘটনাগ্ৰস্ত। হেলিকপ্টাৰখনত আছিল সেনাৰ ১৪ জনকৈ লোক। দুর্ঘটনাৰ পিছতে দাওদাওকৈ জ্বলি সম্পূৰ্ণৰূপে ভস্মীভূত হৈছিল হেলিকপ্টাৰখন। বৃহস্পতিবাৰে দুপৰীয়া ১২.৪০ বজাত তামিলনাডুৰ কুন্নুৰত হেলিকপ্টাৰখন দুৰ্ঘটনাগ্রস্ত হৈছিল।

ভাৰতীয় সেনাৰ এমআই-১৭ ভি ৫ হেলিকপ্টাৰ দুৰ্ঘটনাগ্রস্ত হৈছিল। দুর্ঘটনাগ্ৰস্ত হেলিকপ্টাৰখনত ভাৰতৰ চীফ অব ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱটৰ লগতে তেওঁৰ পত্নী আছিল। সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনা হোৱা স্থলীৰ পৰা ১৩ জনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। এজনক অতি গুৰুত্বৰভাৱে আহত অৱস্থাত উদ্ধাৰ কৰা হৈছে।

চীফ অব ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱট আৰু তেওঁৰ পত্নী মধুলিকা ৰাৱট সম্পৰ্কে প্ৰথম অৱস্থাত কোনো ধৰণৰ তথ্য লাভ কৰিব পৰা হোৱা নাছিল যদিও অৱশেষত বায়ু সেনাই বিপিন ৰাৱট আৰু তেওঁৰ পত্নী মধুলিকা ৰাৱটৰ হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু হোৱা বুলি ঘোষণা কৰে। হেলিকপ্টাৰখন ৱেলিংটনত থকা ডিফেন্স ছাৰ্ভিচেজ কলেজলৈ গৈ আছিল।